peepl-small

ভাৰতীয় ক’ভিড ৰোগীৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিলে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে

PUBLISHED:

গুৱাহাটী: ক’ভিডৰ দ্বিতীয়টো লহৰে সংহাৰী ৰূপ লোৱা দেখা গৈছে সমগ্ৰ দেশত। ভাৰতবৰ্ষত দেখা গৈছে জৰুৰীকালীন পৰিস্থিতি সদৃশ পৰিৱেশ। দেশখনৰ প্ৰতিটো দিনেই হৈ পৰিছে অধিক ভয়ংকৰ।

দেশৰ এনে ভয়ংকৰ পৰিস্থিতিৰ সময়তে চিৰ বৈৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এক বাৰ্তা প্ৰেৰণ কৰি কভিড-১৯ পৰিস্থিতিক লৈ ভাৰতৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে। তেওঁ লিখিছে, “মই ভাৰতৰ লোকসকলৰ সৈতে সহানুভূতি প্ৰকাশ কৰিব বিচাৰো কিয়নো তেওঁলোকে #COVID19 এক বিপদজনক ঢৌৰ সৈতে বৰ্তমান যুঁজি আছে। এই মহামাৰীত ভুগি থকা আমাৰ চুবুৰীয়া আৰু পৃথিৱীৰ সকলোৰেই দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। আমি সন্মুখীন হোৱা এই গোলকীয় প্ৰত্যাহ্বানৰ বিৰুদ্ধে একেলগে যুঁজ দিব লাগিব।”

 

উল্লেখ্য যে যোৱা ২০ মাৰ্চত ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান।প্ৰধানমন্ত্ৰী ইমৰান খানে ক’ভিড-১৯ ৰ ভেকচিন লোৱাৰ দুদিন পিছতেই ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল।

RELATED ARTICLES