peepl-small

আজি বিধায়ক পদ এৰিলে পবিন্দ্ৰ ডেকাই

PUBLISHED:

গুৱাহাটী: বিধায়ক পদ এৰিলে পবিন্দ্ৰ ডেকাই। ১৫ ডিচেম্বৰত অসম গণ পৰিষদ দল ত্যাগ কৰিছিল পাটাছাৰকুছিৰ বিধায়কজনে। তাৰপাছত আজি আনুষ্ঠানিকভাৱে বিধায়ক পদ এৰাৰ কথা ঘোষণা কৰিলে পবিন্দ্ৰ ডেকাই।

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পবিন্দ্ৰ ডেকাই কয়- “অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী চৰিত্ৰ সম্পূৰ্ণৰূপে হেৰুৱাই ‘কা’ক সমৰ্থন কৰি বিজেপি দলত জাহ যাবলৈ ধৰা দেখি মই ব্যথিত হৈছিলোঁ। যাৰবাবে মই বাৰেবাৰে মই তেওঁলোকক মানা কৰিছিলোঁ, কিন্তু তেওঁলোকে মোৰ কথা নামানিলে। সেইবাবেই মই পদত্যাগ কৰিছিলোঁ।”

RELATED ARTICLES