peepl-small

অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ আঁচনি অৰুণোদয়ৰ আজি আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয় আমিনগাঁৱত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে এই আঁচনিৰ। ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আৰু অনন্য আঁচনি উদ্বোধন কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে আজিৰ দিনটো অকল অৰুণাদোয় আঁচনিৰ হিতাধিকাৰীৰ বাবেই নহয় অসমৰ বাবেই পৱিত্ৰ আৰু মংগলময় দিন।

এই আঁচনিৰ এটা উদ্দেশ্য আছিল ২২ লাখ জনগণৰ বাবে এটা মাহিলি আয় নিশ্চিত কৰা। কিন্তু আঁচনিৰ উদ্দেশ্য কেৱল পুঁজি হস্তান্তৰেই নহয়, ইয়াৰ জৰিয়তে আন বহু জন কল্যাণকামী উদ্দেশ্য ৰূপায়ণ কৰিব বিচৰা হৈছে। এই আঁচনিৰ অধীনৰ হিতাধিকাৰীয়ে আঁচনিৰ নিয়ম মতে চেনি আৰু দাইল ক্ৰয় কৰিলে অৰ্ধ মূল্যত লাভ কৰিব পাৰিব। এই আঁচনিৰ আন এটা দিশ হৈছে মহিলা সবলীকৰণ।

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লৈ হ’ব অৰুণোদয় পৰিয়াল আৰু এই পৰিয়ালৰ প্ৰত্যেকে এই আঁচনিৰ জৰিয়তে ৮৩০ টকা মাহিলি লাভ কৰিব। লগতে মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে কয় যে ক’ভিড আতংকৰ সময়ত দেশৰ কিছুমান ৰাজ্যই চাকৰিয়ালৰ ৫০ শতাংশ দৰমহা কৰ্তন কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে সম্পূৰ্ণ দৰমহা দিছে। এটা আতংকময় দিনতে চৰকাৰে প্ৰৱৰ্তন কৰিছে অৰুণোদয় আঁচনি।

উল্লেখ্য এই আঁচনিৰ বাবদ ৰাজ্য চৰকাৰে মাহে ২০০ কোটি টকা আৰু বছৰি ২৪০০ কোটি টকা খৰচ কৰিব। বিটিএডিক বাদ দি ৰাজ্যৰ ২৯খন জিলাক সামৰি ল’ব এই জনকল্যাণকামী আঁচনিখনে। আঁনহাতে এই আঁচনিৰ অধীনত কোনো চৰকাৰী চাকৰিয়াল সোমালে দৰমহাৰ পৰা ধন কাটিব চৰকাৰে।

RELATED ARTICLES