peepl-small

অপহূত ৰিতুলৰ স্থিতি নজনালে অ’এনজিচিৰ কাম বন্ধ কৰাৰ হুংকাৰ

PUBLISHED:

গুৱাহাটীঃ  আলফা (স্বাধীন)–এ অপহৰণ কৰি নিয়া অ’ এন জি চিৰ কর্মচাৰী তথা তিতাবৰ মহকুমাৰ বৰহোলাৰ যুৱক ৰিতুল শইকীয়াৰ এতিয়ালৈকে কোনো শুংসূত্র নোলোৱাত স্বাভাৱিকতে সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ ৰিতুল শইকীয়াৰ ঘৰখনত আজিও বিৰাজ কৰি আছে শোকাকুল পৰিৱেশ৷ বৃদ্ধ অসুস্থ পিতৃ–মাতৃৰ কান্দোনৰ ৰোল আৰু পত্নী, ভাই–ককাইৰ উচুপনিয়ে গোটেই ঘৰখনত এক অবর্ণনীয় কৰুণ পৰিৱেশ সৃষ্টি কৰিছে৷ ৰিতুল শইকীয়াক উদ্ধাৰৰ ক্ষেত্রত চৰকাৰ, প্রশাসনৰ লগতে অপহৰণকাৰী আলফা (স্বাধীন)–এ প্রদর্শন কৰা ৰহস্যজনক স্থিতিয়ে অধিক শংকাত ভোগাইছে পৰিয়ালটোক৷ ৰিতুল শইকীয়াক সোঁ–শৰীৰে উদ্ধাৰৰ দাবী উত্থাপন কৰি আজি ৯টাকৈ সংগঠনৰ বিষয়ববীয়াই তেওঁৰ বাসগৃহত এক যুটীয়া সংবাদ মেল সম্বোধন কৰে৷ চুতীয়া যুৱ সন্মিলন, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্র মুক্তি সংগ্রাম সমিতি, যুৱ–ছাত্র পৰিষদ, চুতীয়া ছাত্র সন্থা, বীৰ লাচিত সেনা, অসম চাহ জনজাতি ছাত্র সন্থাৰ বিষয়ববীয়াসকলে সংবাদ মেলত ৰিতুল শইকীয়া সন্দর্ভত অসম চৰকাৰৰ গৃহ বিভাগে ২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট নকৰিলে অ’ এন জি চিৰ সকলো কাম–কাজ বন্ধ কৰি দিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে৷

লগতে কি কাৰণত তিনিজনকৈ খিলঞ্জীয়া অসমীয়া যুৱকক অপহৰণ কৰিব লগা হ’ল, সেয়া স্পষ্ট কৰিবলৈ আলফা (স্বাধীন)ক সংগঠনকেইটাৰ নেতৃবৃন্দই আহ্বান জনায়৷ অ’ এন জি চিত কর্মৰত সকলো কর্মচাৰীৰ কর্তব্যৰত অৱস্থাত জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সংগঠনৰ বিষয়ববীয়াসকলে সংবাদ মেলত দাবী উত্থাপন কৰি ৰিতুল শইকীয়াৰ অসুস্থ মাতৃ আৰু পৰিয়ালক শীঘ্রে ঘৰতে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ অ’ এন জি চিক আহ্বান জনায় সংগঠনকেইটাৰ বিষয়ববীয়াসকলে৷ সংবাদ মেলত উপস্থিত থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রাক্তন সাধাৰণ সম্পাদক প্রমোদ গগৈয়ে আলফা (স্বাধীন)ৰ ৰহস্যজনক ভূমিকাত প্রতিক্রিয়া প্রকাশ কৰি কয় যে ৰিতুল শইকীয়াক উদ্ধাৰৰ ক্ষেত্রত আলফাই (স্বাধীন) দায়সৰা মন্তব্য কৰিছে৷ স্বাধীন অসমৰ সপোন দেখা সংগঠনটোৱে এনেদৰে খিলঞ্জীয়া যুৱকক অপহৰণ কৰি নি উদ্ধাৰৰ ক্ষেত্রত এতিয়ালৈকে কোনো স্পষ্টীকৰণ নিদিয়াটো অসমীয়া জাতিৰ বাবে অতি দুর্ভাগ্যজনক৷ পৰেশ বৰুৱাক আহ্বান জনাইছোঁ ৰিতুল শইকীয়া বর্তমান ক’ত, কেনেদৰে আছে আৰু কি কাৰণে অপহৰণ কৰিব লগা হৈছিল, তাৰ এটা স্পষ্টীকৰণ দিয়ক৷ তেওঁ আৰু কয় যে অ’ এন জি চিৰ লগত থকা শত্রুতা আলফাই (স্বাধীন) কেনেদৰে সমাধান কৰে কৰক, কিন্তু ঘৰখনৰ পৰিস্থিতিলৈ চাই ৰিতুল শইকীয়াক অতি সোনকালে সোঁশৰীৰে ঘূৰি অহাৰ ব্যৱস্থা কৰি দিব লাগে৷

অসম চৰকাৰৰ গৃহ বিভাগে দুজন ব্যক্তিক অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল৷ কিন্তু ৰিতুলৰ ক্ষেত্রত এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট মন্তব্য কৰা নাই৷ ৰিতুল বর্তমান আলফা (স্বাধীন)ৰ হাতত আছেনে, সেনাবাহিনীৰ হাতত আছেনে বা অন্য ঠাইত থাকিব পাৰে সেই কথা অসম চৰকাৰৰ গৃহ বিভাগে শীঘ্রে স্পষ্ট কৰিব লাগে৷ অ’ এন জি চি কর্তৃপক্ষয়ো গৃহ বিভাগৰ লগত আলোচনা কৰি ৰিতুল শইকীয়াক উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে৷ কিয়নো অ’ এন জি চিত কর্মৰত অৱস্থাতে ৰিতুল শইকীয়াক অপহৰণ কৰা হৈছে বুলি ব্যক্ত কৰে প্রমোদ গগৈয়ে৷ তিতাবৰ জিলা চুতীয়া যুৱ সন্মিলনৰ সভাপতি ধৰণীধৰ শইকীয়াই কয় যে ৰিতুল শইকীয়াৰ দায়িত্ব আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ল’ব লাগিব৷ কর্মৰ তাগিদাত, পৰিয়ালৰ তাগিদাত ৰিতুল শইকীয়াই চাকৰি কৰি অপহূত হ’ব লগা হোৱাটো আমি কেতিয়াও মানি ল’ব নোৱাৰোঁ৷ সংবাদ মেলত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা সমিতিৰ সভাপতি বিজয় হাজৰিকাই অ’ এন জি চিৰ কর্মকাণ্ডক তীব্র সমালোচনা কৰি কয় যে অ’ এন জি চিয়ে মাত্র অসমৰ সম্পদসমূহ ইয়াৰ পৰা কৌশলেৰে নিয়াৰ ক্ষেত্রতহে সদায় গুৰুত্ব দি আছে৷

আমাৰ খিলঞ্জীয়া অসমীয়া কর্মচাৰীসকলক নিৰাপত্তা দিয়াত সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ ৰিতুল শইকীয়াৰ অপহৰণৰ ২৪ ঘণ্টা পাৰ হোৱাৰ পিছতহে অ’ এন জি চি কর্তৃপক্ষ খবৰ ল’বলৈ অহা দেখিবলৈ পোৱা গৈছে৷ অ’ এন জি চিৰ এনে অনীহা কেতিয়াও সহ্য কৰা নহ’ব৷ অনাগত দিনত যদি অ’ এন জি চিয়ে শক্তিশালী ভূমিকা গ্রহণ নকৰে তেন্তে তেওঁলোকৰ সকলো কাম–কাজত অচলাৱস্থা গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি তেওঁ সকীয়াই দিয়ে৷ সংবাদ মেলত চাহ জনজাতি ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক প্রবীণ কুর্মী, কৃষক মুক্তি সংগ্রাম সমিতিৰ যোৰহাট জিলাৰ সহকাৰী সম্পাদক ৰাজীৱ চুতীয়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মুখ্য উপদেষ্টা অমল সোণোৱাল, বৰহোলা আঞ্চলিকৰ সভাপতি দেৱজিৎ পাঠক, তিতাবৰ জিলা চুতীয়া যুৱ সন্মিলনৰ মুখ্য সাংগঠনিক সম্পাদক যদুমণি চুতীয়া, চুতীয়া যুৱ সন্মিলনৰ কেন্দ্রীয় সহকাৰী সাধাৰণ সম্পাদক পলাশ হাজৰিকা, বীৰ লাচিত সেনাৰ নাজিবুল ইছলাম হাজৰিকা, ছাত্র মুক্তিৰ তিতাবৰ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক ৰাফেল কিং দুৱৰা, চুতীয়া ছাত্র সন্থাৰ তিতাবৰ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক পল্লৱ হাজৰিকা, সচেতন যুৱকর্মী ধ্রুৱজিৎ পাঠক আদি উপস্থিত থাকি ৰিতুল শইকীয়াক সোঁশৰীৰে মুক্তিৰ দাবী জনায়৷ উল্লেখ্য যে সংবাদ মেলৰ যোগেদি পাঁচটা দাবীসম্বলিত এখন স্মাৰক–পত্র অসম চৰকাৰৰ গৃহ বিভাগলৈ বৰহোলা আৰক্ষীৰ যোগেদি প্রেৰণ কৰে দল–সংগঠনসমূহে৷

RELATED ARTICLES