peepl-small

জিএমচিৰ বিষয়ালৈ শিল দলিওৱা এজনক জে’ললৈ

PUBLISHED:

গুৱাহাটী: মহানগৰীৰ ডাউন টাউনত কালি জিএমচিৰ টহলদাৰী বিষয়া–কর্মচাৰীলৈ শিল নিক্ষেপ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে এজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰি আজি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷ আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰা ব্যৱসায়ীজন বৰপেটা জিলাৰ মাজদিয়াৰ নুৰ মহম্মদ আলী আৰু তেওঁ ব্যৱসায়সূত্রে মহানগৰীৰ ডাউন টাউনত বাস কৰি আছিল৷ অৱশ্যে এই ঘটনাৰ সৈতে জড়িত থকা মূল অভিযুক্তসহ আন তিনিজনক আৰক্ষীয়ে আজিও গ্রেপ্তাৰ কৰিব পৰা নাই৷

ঘটনা সন্দর্ভত দিছপুৰ থানাত ৰুজু হোৱা ১৫৫২/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে প্রশাসনৰ নির্দেশনা উলংঘাৰে কালি সন্ধিয়া ছয় বজাৰ পিছতো ডাউন টাউনত একাংশ ব্যৱসায়ীয়ে দোকান–পোহাৰ খোলা ৰখাত জিএমচিৰ বিষয়াসহ ছজনীয়া এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ব্যৱসায়ীসকলক দোকান বন্ধ কৰাৰ আহ্বান জনায়৷ ইয়াতেই খর্গহস্ত হৈ প্রায় ৪০জনীয়া এটা ব্যৱসায়ীৰ দলে জিএমচিৰ বিষয়াসকলক আগচি ধৰি অশ্লীল গালি–গালাজ পৰাৰ লগতে নিশা ৮ বজালৈ দোকান খোলা ৰখাৰ দাবী তোলে৷ এই লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত এদল যুৱকে জিএমচিৰ বিষয়াসকললৈ লক্ষ্য কৰি শিল বর্ষণ কৰে৷ ফলত জিএমচিৰ দুগৰাকী নিৰাপত্তাৰক্ষী আহত হয়৷ ঘটনা সন্দর্ভত ভুক্তভোগী জিএমচিৰ কর্মচাৰীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত চলাই এজনক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

RELATED ARTICLES