গুৱাহাটীঃ সভ্য সমাজক জোকাৰি যোৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ ধৰ্ষণকাণ্ডৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা হৈছে ছৈয়দ আলী নামৰ ৬৫ বছৰীয়া এক বৃদ্ধক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লম্পটটোৱে দিছে জঘন্য কাণ্ডটোৰ শিহৰণকাৰী বৰ্ণনা। নবছৰীয়া শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছতো ধৰ্ষণত লিপ্ত হৈছিল বিকৃত মানসিকতাৰ ছৈয়দ আলী।
হত্যাৰ পূৰ্বে নিষ্পাপ শিশুটিৰ ওপৰত অমানৱীয় নিৰ্যাতন চলাইছিল বৃদ্ধ লম্পটটোৱে।
২০ জুনত সংঘটিত এই ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল।
শুকুৰবাৰে ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰি ঘটনাৰ ক্ষিপ্ৰ তদন্ত আৰু দোষীৰ কঠোৰ শাস্তিৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।