peepl-small

গুৱাহাটীত বুধবাৰে ১০৪জনৰ দেহত মাৰাত্মক ভাইৰাছ

PUBLISHED:

গুৱাহাটী: বিধানসভা নির্বাচনৰ ভোটগ্রহণৰ অন্ত পৰাৰ পাছতেই ৰাজ্যত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে ক’ৰোনাত আক্রান্তৰ সংখ্যা৷ কার্যতঃ অসমত আৰম্ভ হছে ক’ৰোনাৰ দ্বিতীয়টো জোৱাৰ৷ ৰাজ্যত আজিৰ দিনটোতে আক্রান্ত হ’ল ১৯৫গৰাকী লোক৷ গুৱাহাটী মহানগৰীৰ লগতে নগাঁও, কলিয়াবৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্রুগড় আৰু শিলচৰতো ক্রমাৎ বৃদ্ধি হ’বলৈ লৈছে ক’ভিড–১৯ আক্রান্তৰ সংখ্যা৷

সোমবাৰে ৰাজ্যত ৭০জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত কালি এই সংখ্যা ৯২লৈ বৃদ্ধি পায়৷ গুৱাহাটীত সোমবাৰে ৩০জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মঙলবাৰে আক্রান্তৰ সংখ্যা হৈছে ২৬গৰাকী৷

কিন্তু এই সংখ্যা ক্রমাৎ বৃদ্ধি কৰি আজিৰ দিনটোত ৰাজ্যত ক’ৰোনাৰ আক্রান্তৰ সংখ্যা ১৯৫লৈ বৃদ্ধি হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি আজিৰ দিনটোত ২১,১৬২গৰাকী লোকৰ ক’ভিড টেষ্ট কৰাৰ পাছত ১৯৫গৰাকী লোক পজিটিভ চিনাক্ত হয়৷ ৰাজ্যত এতিয়াও ক’ৰোনা আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৮৪৭গৰাকী লোক৷ লক্ষণীয়ভাৱে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত মাৰাত্মক ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ১০৪গৰাকী৷ ডিব্রুগড় জিলাত বুধবাৰৰ দিনটোত আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ১৯গৰাকী৷

সেইদৰে কামৰূপ (গ্রাম্য) জিলাত আজি ১৬গৰাকী, তিনিচুকীয়া জিলাত ১২গৰাকী, বৰপেটা জিলাত ৪গৰাকী, নগাঁৱত ৪গৰাকী আৰু চিৰাং জিলাত ৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইফালে, স্বাস্থ্য বিভাগে বহিঃৰাজ্যৰ পৰা অহা প্রতিগৰাকী লোকৰ আৰ টি পি চি আৰ আৰু এণ্টিজেন টেষ্ট অব্যাহত ৰাখিছে৷ এই সন্দর্ভত ইতিমধ্যে স্বাস্থ্য বিভাগে প্রয়োজনীয় এছ অ’ পি অ’ জাৰি কৰিছে৷

আজাৰাত আক্রান্তৰ সংখ্যা বৃদ্ধি

মহানগৰীৰ আজাৰাত পুনৰ তিনিজনকৈ লোকৰ শৰীৰত ক’ভিড–১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত স্বাভাৱিকতে স্থানীয় ৰাইজ শংকিত হৈ পৰিছে৷ উল্লেখ্য যে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন নির্মাণৰ কামত জডিত কেইজনমান লোক জ্বৰ–কাহত আক্রান্ত হোৱাত আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রৰ এটা স্বাস্থ্যকর্মীৰ দলে যোৱা ৫ এপ্রিলৰ দিনা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ৯জনকৈ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ ইয়াৰ পাছত আজি পুনৰ আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রৰ দিগন্ত কলিতা, সত্যজিৎ দাস, যুগমণি দাস, অমল কলিতা আৰু হেমন্ত বর্মন প্রমুখ্যে স্বাস্থ্যকর্মীৰ এটা দল নতুন টার্মিনেল ভৱনৰ কর্মস্থলীত উপস্থিত হৈ উক্ত নির্মাণকার্যৰ সৈতে জডিত তথা ক’ৰোনাত আক্রান্ত উক্ত ৯জন লোকৰ সংস্পর্শলৈ অহা আন লোকসকলৰ এণ্টিজেন টেষ্ট কৰে৷ ইয়াৰ ভিতৰত মালদহৰ মোজামিল হক (৪৮) আৰু পশ্চিমবংগৰ নয়ন ৰাজৱাৰ (১৯)ৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ তদুপৰি কালি বিহাৰৰ পৰা অহা তথা আজাৰাত ভাৰাতীয়া হিচাপে বাস কৰি থকা ৰবি ৰঞ্জন (৩৩)ৰ আজি আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রত এণ্টিজেন টেষ্ট কৰাত শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ পাছত আটাইকেইজনকে কালাপাহাৰত থকা ক’ভিড হাস্পাতালত ভর্তি কৰোৱা হয়৷

নগাঁৱত পুনৰ চাৰিজন ক’ভিডত আক্রান্ত

নগাঁও জিলাত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা৷ আজিও জিলাখনৰ বিভিন্ন স্থানত চাৰিগৰাকীকৈ লোক ক’ৰোনাত আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ ইয়াৰ ভিতৰত আছে এটি শিশু আৰু এটি কিশোৰ৷ আজি ক’ৰোনাত আক্রান্ত বুলি নিশ্চিত কৰা এই লোকসকল হ’ল– বেবেজীয়াৰ অংকুৰ সিং (৬), পার্ণী সিং (১৫), মৰিকলং বৰঘাটৰ যতীন হাজৰিকা (৫০) আৰু মৰিকলঙৰ লক্ষীনন্দন মাহাতু (৪৫)৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে এইপর্যন্ত জিলাখনৰ ৪ৰগৰাকী ক’ভিড আক্রান্ত লোক হোম কোৱাৰেণ্টাইনত থাকি প্রয়োজনীয় চিকিৎসা গ্রহণ কৰি আছে৷

RELATED ARTICLES