peepl-small

ছয়গাঁৱত মাৰুতি ফুডছৰ জালিয়াতিঃ নতুনকৈ পেকেজিং কৰি বিক্রী এফচিআইৰ চাউল

PUBLISHED:

গুৱাহাটীঃ কামৰূপ জিলাৰ ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্রৰ ছয়গাঁৱৰ ছাটাবাৰীস্থিত মাৰুতি ফুডছ নামৰ উদ্যোগটোৰ ২নং প্লাণ্টটোত ফাদিল হৈছে এক ভয়ংকৰ দুর্নীতিৰ তথ্য৷

উল্লেখ্য যে ক’ৰোনা সংক্রমণৰ সময়ত সর্বসাধাৰণ লোকে যি দুর্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে, তেনে সময়তে ভাৰতীয় খাদ্য নিগমৰ হাজাৰ হাজাৰ কুইণ্টল চাউল এই উদ্যোগটোৰ গুদামত মজুত কৰি ৰখাৰ ভয়ংকৰ তথ্য ফাদিল হোৱাত সমগ্র অঞ্চলতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ মেঘালয়ৰ দহমাইলৰ ভাৰতীয় খাদ্য নিগমৰ গুদামনৰ পৰা চাউল ট্ৰাকে ট্ৰাকে আহি সোমায় এই মাৰুতি ফুডছ নামৰ উদ্যোগটোৰ ভঁৰালত৷ এই উদ্যোগটোত ভাৰতীয় খাদ্য নিগমৰ চাউলৰ বস্তাৰ পৰা চাউলবোৰ নতুনকৈ আন প্লাষ্টিকৰ বস্তাত পেকেজিং কৰা হয়৷

নতুনকৈ আন এটা চাউলৰ পেকেজিং কোম্পানীৰ নাম দি এই চাউলৰ বেগসমূহ প্রেৰণ কৰা হয় নাগালেণ্ডলৈ৷

অভিযোগ অনুসৰি দীর্ঘদিন ধৰি এনেধৰণৰ অসাধু ব্যৱসায় চলাই আহিছে উদ্যোগটোৰৰ স্বত্বাধিকাৰী দীপক আগৰৱালাই৷ কণ্টিনেণ্টেল মিলকছ ইণ্ডিয়া লিমিটেড নামৰ প্রতিষ্ঠানটোৰ নামত বহিঃৰাজ্যৰ বণিয়া মাৰুতি ফুডছৰ ২নং প্লাণ্টৰ পৰাই এইটোৱেই প্রধান ব্যৱসায় বুলি চলাই গৈছে৷

জানিব পৰা মতে ব্যৱসায়ীজনৰ এটা ধান বনা কল আছে আৰু সেইটোত চাউল উৎপাদন কৰি পেকেজিং কৰি চালান দিয়া দেখুৱাই আহিছে৷ কিন্তু অভিযোগ মতে ব্যৱসায়ীগৰাকীয়ে ভাৰতীয় খাদ্য নিগমৰ বিনামূলীয়া চাউল অনিয়মেৰে ট্ৰাকে ট্ৰাকে নিজৰ গুদামলৈ আনি উক্ত চাউলবোৰ ধান বনা কলত পলিচ কৰি আৰু সেইবোৰ চাউলকে এক নম্বৰ চাউল বুলি আছাম ৰাইফলছ আৰু চি আৰ পি এফক যোগান ধৰি আহিছে৷

উল্লেখ্য যে যোৱা ১ জুনৰ নিশা বকোৰ নধিয়াপাৰাত ৰাইজৰ সহযোগত এখন ট্রাক জব্দ হোৱাৰ পাছতে উন্মোচিত হৈছে এই ভয়াৱহ দুর্নীতিৰ তথ্য৷ উক্ত দিনা আছাম ৰাইফলছৰ নামত শ্বিলঙলৈ সৰবৰাহ কৰিবলৈ লোৱা চাউলৰ ট্ৰাক জব্দ হৈছিল বকো নধিয়াপাৰাত৷ একাংশ লোকে সন্দেহবশতঃ পৰীক্ষা কৰিছিল চাউলভর্তি ট্ৰাকখনৰ নথি–পত্র৷ পিছলৈ ৰাইজৰ সন্দেহ ওপজাত অৱশেষত চাউলভর্তি গাডীখন বকো আৰক্ষীক গতাই দিয়ে৷

বকো আৰক্ষীয়ে এন এল–০৭ এ এ–০৪৯৩ নম্বৰৰ ১৪ চকীয়া ট্ৰাকখন জব্দ কৰি বকো থানালৈ লৈ যায়৷ পাছত বকো আৰক্ষীয়ে জব্দ কৰা চাউলৰ গাডী সন্দর্ভত চলোৱা অনুসন্ধানৰ অন্তত ইয়াৰ সমগ্র ক্লু বিচাৰি কালি মাৰুতি উদ্যোগটোৰ গুদামত উপস্থিত হয় দণ্ডাধীশ তথা ছয়গাঁও ৰাজহ চক্রৰ চক্র বিষয়াসহ বকো আৰক্ষীৰ দল৷ সেই সময়ত বাহিৰলৈ যাবলৈ সাজু হৈ আছিল মাৰুতি উদ্যোগটোত থকা ১১খনকৈ চাউলভর্তি ড্রাক৷ সম্প্রতি ১১খনকৈ চাউলৰ ট্ৰাক বর্তমান বকো আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে৷

আনহাতে, ভাৰতীয় খাদ্য নিগমৰ পৰা অহা ১৩খন চাউলৰ গাডীও জব্দ কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে উদ্যোগটোৰ মেনেজাৰ, একাউনটেণ্টজনৰ উপৰি আন সাতজন লোকক আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰিছে৷ ইফালে উদ্যোগ প্রতিষ্ঠানটোৱে উক্ত জব্দকৃত চাউল তথা ভাৰতীয় খাদ্য নিগমৰ পৰা অহা চাউলসমূহৰ কোনো নথিপত্র এই মুহূর্তলৈকে আৰক্ষীক দেখুৱাবলৈ সক্ষম হোৱা নাই৷

ইফালে ছয়গাঁও আঞ্চলিক ছাত্র সন্থাৰ সভাপতি উপম দাসে সাংবাদিকৰ আগত অভিযোগ কৰা মতে উক্ত উদ্যোগ প্রতিষ্ঠানটোৰ ২নং প্লাণ্টত দীর্ঘদিন ধৰি ভাৰতীয় খাদ্য নিগমৰ চাউল আনি নতুনকৈ পেকেজিং কৰি আছাম ৰাইফলছ আৰু চি আৰ পি এফক যোগান ধৰি আহিছে৷ কেৱল চাউলৰেই নহয় উক্ত প্লাণ্টটোত বহু অবৈধ কাম চলি থাকে বুলিও আছুৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে৷

আনহাতে, উদ্যোগটোৰ গুদামত ৫০ হাজাৰৰো অধিক কুইণ্টল অবৈধভাৱে মজুত ৰখা ভাৰতীয় খাদ্য নিগমৰ চাউল থকাৰ কথা উল্লেখ কৰাৰ লগতে উদ্যোগটোত চলা এনে বৃহৎ জালিয়তি তথা দুর্নীতিৰ উচিত তদন্ত কৰি উদ্যোগটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আছুৰ সভাপতিজনে প্রশাসনক দাবী জনাইছে৷ এইক্ষেত্রত প্রশাসন তথা আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া সময়তহে হ’ব লক্ষণীয়৷

RELATED ARTICLES