peepl-small

আৰজি বৰুৱা ৰোডৰ পুৰণি নলা পুনৰুজ্জীৱিত পৌৰ আয়ুক্তৰ

PUBLISHED:

গুৱাহাটীঃ  গুৱাহাটী মহানগৰীৰ অন্যতম জ্বলন্ত সমস্যা হিচাপে বিবেচিত হোৱা কৃত্রিম বান নিয়ন্ত্রণৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন অধিক তৎপৰ হৈ পৰিছে৷ কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ লক্ষ্যৰে জিলা প্রশাসনৰ কার্যালয়ত গুৱাহাটী পৌৰ নিগম, লোক নির্মাণ বিভাগ আৰু গুৱাহাটী উন্নয়ন বিভাগৰ শীর্ষ বিষয়াৰে জিলা উপায়ুক্ত আৰু নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মা সঘনাই বৈঠকত মিলিত হৈছে৷ মহানগৰীৰ সম্ভাব্য কৃত্রিম বান নিয়ন্ত্রণৰ বাবে ন ন পৰিকল্পনা প্রস্তুত কৰি গুৱাহাটী পৌৰ নিগমে যুদ্ধকালীন তৎপৰতাৰে মহানগৰীৰ নলা–নর্দমা আৰুজনসমূহৰ জাবৰ নিষ্কাশনৰ সমান্তৰালকৈ ভৰলু আৰু বাহিনীজনৰ বোজা আঁতৰাই পানী বহন ক্ষমতা বৃদ্ধি কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷

পৌৰপতি শর্মাৰ নেতৃত্বত দিনে–নিশাই জি এম চিৰ মুখ্য অভিযন্তা আৰু অনান্য বিষয়া–কর্মচাৰীসক নলা–নর্দমা নিষ্কাশনৰ তত্ত্বাৱধান কৰাৰ সমান্তৰালকৈ এইক্ষেত্রত ল’বলগীয়া যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে বিভাগীয় কর্তৃপক্ষক অৱগত কৰাইছে৷

ইপিনে, মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি পৌৰ আয়ুক্ত শর্মাই আৰ জি বৰুৱা ৰোডৰ পুৰণা নলা–নর্দমা পুনৰ নির্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ বিশেষকৈ আমবাৰীৰ পৰা আৰ জি বৰুৱা ৰোডৰ কাষেৰে থকা পুতি পেলোৱা নলা পুনৰ উদ্ধাৰ কৰাৰ বাবে পৌৰ নিগম অধিক তৎপৰ হৈ পৰিছে৷ নলা পুতি নির্মাণ কৰা পথ খান্দি পুনৰ সেই নলাৰে পানী বোৱাই নিয়াৰ বাবে পৌৰ নিগমে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

আনহাতে, সাধাৰণ বৰষুণত পানী জমা হৈ থকা স্থানসমূহ চিনাক্ত কৰি পৌৰ নিগমে বাৰিষাৰ সময়ছোৱাত ২৪ ঘণ্টাই পাম্পেৰে পানী সিঁচাৰ সু–ব্যৱস্থা গ্রহণ কৰিছে৷ মহানগৰীৰ কোনো অঞ্চলতে যাতে পানী জমা হৈ যাতায়াত বিঘ্ণিত কৰিব নোৱাৰে তাৰ বাবে জি এম চি কর্তৃপক্ষই পাম্প সাজু কৰি ৰাখিছে৷ তদুপৰি পাম্পেৰে সিঁচা পানী যাতে নলাৰে বোৱাই নিয়াৰ ক্ষেত্রত কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে নলা–নর্দমা পুনৰ নির্মাণৰ লগতে জাবৰ নিষ্কাশন কৰা বুলি পৌৰ আয়ুক্ত শর্মাই জানিবলৈ দিছে৷

RELATED ARTICLES