peepl-small

বিবাহ বাৰ্ষিকীৰ দিনাই অইলৰ বিষয়াৰ পত্নীৰ আত্মহত্যা

PUBLISHED:

গুৱাহাটীঃ বিবাহ বার্ষিকীৰ দিনাই ফেচবুকত স্বামীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি পুৱতি নিশা নিজ শোৱনি কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ৷ সম্প্রতি এই ঘটনাক লৈ তৈলচহৰ দুলীয়াজানত সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ৷ অইল আৱাসিক অঞ্চল ডি প্লাছ ৯৮ কোৱার্টাৰ নিৱাসী অইল ইণ্ডিয়া লিমিটেডৰ গাণনিক বিষয়া কিৰণ ছেত্রীৰ (৪০) পত্নী তথা ৩ বছৰীয়া পুত্র সন্তানৰ মাতৃ মণিকা ছেত্রীৰ (৩১) মৃতদেহ নিজৰ শোৱনি কোঠাৰ পৰা ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয়৷

আৰক্ষীৰ সূত্র অনুসৰি কালি পুৱতি নিশা প্রায় ৩ বাজি ১০ মিনিটত উক্ত ঘটনাটো সংঘটিত হৈছে৷ মণিকাই মৃত্যুৰ পূর্বেই ফেচবুকত স্পষ্টকৈ লিখি গৈছে যে এগৰাকী সৎ আৰু বিশ্বাসী স্বামীক নোপোৱাটো তেওঁৰ দুর্ভাগ্য৷ বিবাহৰ পাছৰে পৰা ঘৰুৱা হিংসা আৰু মানসিক নির্যাতনৰ সন্মুখীন হৈ আহিছিল মণিকা৷

এই নির্যাতনৰ সন্মুখীন হৈয়ে একমাত্র সন্তানক এৰি থৈ জীৱনৰ পৰা শেষ বিদায় মাগিবলৈ লোৱা কথা অকপট স্বীকাৰ কৰিছে মণিকাই নিজৰ ফেচবুক ৱালত৷ মণিকাৰ এই স্বীকাৰোক্তিৰ পৰা সমগ্র ঘটনাটো যে কন্দলৰ পৰা উৎপত্তি তাৰ কোনো সন্দেহৰ অৱকাশ নাই৷ ইফালে ঘটনাৰ দিনা স্বামীয়ে লিভিং ৰুমত শোৱাৰ পৰিৱর্তে পত্নীয়ে কণমানি পুত্র সন্তানৰ সৈতে শোৱনি কোঠাত অকলেই আছিল৷ শোৱনি কোঠাৰ পৰা পুৱতি নিশা শব্দ অহাত দুৱাৰ ভাঙি চিপ লোৱা অৱস্থাত পত্নীক প্রত্যক্ষ কৰা কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে স্বামী কিৰণে৷

উক্ত ঘটনাৰ সংক্রান্তত পত্নীৰ মাতৃগৃহৰ পৰিয়ালে দুলীয়াজান আৰক্ষী থানাত অভিযুক্ত স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে কালি নিশাৰ ভাগত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাৰ অধীনত ৫৯০/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি দুলীয়াজান আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া ক্ষীৰোদ দলে–ই অভিযুক্ত স্বামীক কালি নিশায়েই আটক কৰা লগতে মাৰাথন জেৰাৰ অন্তৰালত আজি ডিব্রুগড ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে মৰিগাঁও জিলাৰ জাগীৰোড আমলী ঘাট বামুণগাঁৱৰ পৰশুৰাম ছেত্রী আৰু কল্পনা ছেত্রীৰ একমাত্র কন্যা মণিকা ছেত্রী যোৱা ২০১৬ চনৰ ১ ডিচেম্বৰত অইল বিষয়া কিৰণ ছেত্রীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷ মৃত মণিকাৰ পিতৃৰ ভাষ্য অনুসৰি প্রেমৰ সম্পর্ক নহ’লেও দুয়োখন ঘৰৰ সন্মতিতে এই বিবাহ কার্য সম্পন্ন হৈছিল৷

বিবাহৰ পূর্বে মণিকাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা বায়’ টেকন’লজী বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ শিক্ষা গ্রহণ কৰি জাগীৰোড মহাবিদ্যালয়ত অস্থায়ীভাৱে শিক্ষকতা আৰু পাছলৈ মঙলদৈৰ কেন্দ্রীয় বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিল৷ পিতৃৰ ভাষ্য অনুসৰি স্বামী অইলৰ উচ্চপদস্থ চাকৰিয়াল হ’লেও বিবাহৰ পাছতো মণিকাই চাকৰি কাৰণে নিজকে প্রস্তুত কৰিছিল আৰু মণিকাৰ মৃত্যুৰ সপ্তাহ পূর্বেও ধেমাজিত গৈ এক সাক্ষাৎকাৰত অৱতীর্ণ হৈছিল৷ মৃত্যুৰ দিনানিশা ১০ বজাত মণিকাই মাতৃৰ সৈতেও ফোনত কথা পাতিছিল৷ এইক্ষেত্রত স্বামীৰ সৈতে খুটখাট লগা বিষয়টো মাতৃৰ পৰিয়ালৰ লোকে আৰম্ভণি পৰাই জানিছিল আৰু মণিকাক ঘৰলৈ গুচি আহিবলৈ পৰামর্শ দিছিল৷

আনহাতে মানসিক নির্যাতনৰ ঘটনাক লৈ মণিকাৰ পিতৃয়ে অভিযুক্ত জোঁৱায়েকৰ লগতে শাহুৱেকৰ ওপৰতো সন্দেহ প্রকাশ কৰিছে৷

RELATED ARTICLES