peepl-small

আপোনাৰ ভৰিৰ পৰা দুৰ্গন্ধ ওলায় নেকি? জানক এইকেইটা উপায়

PUBLISHED:

গুৱাহাটীঃ বহু লোকৰ ভৰিৰ পৰা দুৰ্গন্ধ ওলায়। বিশেষকৈ জোতা পিন্ধাৰ পাছত বহু লোকৰ পৰা গোন্ধ ওলোৱা দেখা যায়। জোতাযোৰ ৰাজহুৱা স্থানত খুলি কেতিয়াবা লজ্জিত হ’বলগীয়া হয়।

কিন্তু আপুনি জানেনে কেইটামান ঘৰুৱা উপায়েৰে এই দুৰ্গন্ধ নাইকিয়া কৰিব পাৰি।

আপোনাৰ জোতাযোৰত অলপ বেকিং চ’ডা দিয়ক। পাছৰ দিনা জোতা পৰিষ্কাৰ কৰক আৰু পিন্ধি লওক। জোতাযোৰত কোনো গোন্ধ নাথাকিব। অৱশ্যে, চামৰাৰ জোতাত বেকিং চ’ডা ব্যৱহাৰ নকৰিব।

আপুনি পুৰণি মোজাত দুই চামুচ বেকিং চ’ডা বান্ধিব আৰু মোজাযোৰ আপোনাৰ জোতাত থৈ দিব। পাছৰ দিনা সেইযোৰ মোজা পিন্ধক দেখিব গোন্ধ নাইকিয়া হৈ যাব।
Sneakersৰ গোন্ধ নাইকিয়া কৰিবৰ বাবে কিছু নিমখ ছটিয়াওক। লং তেল অথবা লঙৰ টুকুৰা এটা তিয়াই আৰু ইয়াক নিশা জোতাযোৰত থৈ দিয়ক। ৰাতিপুৱা দেখিব জোতাৰ গোন্ধ নোহোৱা হৈ গৈছে।

ৰুটীৰ পৰাও জোতাৰ গোন্ধ নাইকিয়া কৰিব পাৰি। ২ মিনিট সময় ধৰি গৰম পানীত ৰুটীখন থৈ দিয়ক। ঠাণ্ডা হোৱাৰ পিছত ৰুটী কেইটুকুৰা মান জোতাত থৈ দিয়ক। এঘণ্টাৰ পিছত ৰুটীৰ টুকুৰা আতঁৰাই জোতাযোৰ ভিতৰৰ পৰা চাফা কৰক দেখিব জোতাৰ গোন্ধ নাইকিয়া হৈ গৈছে।

RELATED ARTICLES