peepl-small

গুৱাহাটী মহানগৰীত সুৰাৰ হোম ডেলিভাৰী; অধিক ৰাজহৰ লক্ষ্য আবকাৰী বিভাগৰ

PUBLISHED:

গুৱাহাটী: আবকাৰী বিভাগে অধিক ৰাজহ সংগ্রহৰ লক্ষ্যৰে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ বাবে আঁচনি গ্রহণ কৰিছে৷ ইতিমধ্যে আবকাৰী বিভাগে ইয়াৰ বাবে হোম ডেলিভাৰী বিধি প্রস্তুত কৰিছে৷ প্রথমে পৰীক্ষামূলকভাৱে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী দিয়া হ’ব৷ যদিহে আবকাৰী বিভাগে বিচৰা ধৰণে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী সফল হয়, তেন্তে পৰৱর্তী সময়ত অন্যান্য জিলাসমূহতো সুৰাৰ হোম ডেলিভাৰী সেৱা প্রদান কৰা হ’ব৷

আবকাৰী বিভাগৰ এক শীর্ষ সূত্রই এই সদৰী কৰা তথ্য অনুসৰি শীঘ্রেই সুৰাৰ হোম ডেলিভাৰীৰ নির্দেশনা প্রকাশ পাব৷ সুৰাৰ বিপণীসমূহে নিজাববীয়াকৈ হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে চলি থকা সান্ধ্য আইনৰ সময়ছোৱাত চৰকাৰী নির্দেশনা অনুসৰি সুৰাৰ হোম ডেলিভাৰী দিব পাৰিব৷

ক’ভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ সুৰাৰ হোম ডেলিভাৰী দিব পাৰিব সুৰাৰ বিপণীয়ে৷ আজি কেবিনেটত এই সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি আবকাৰী বিভাগৰ সূত্রত প্রকাশ৷

RELATED ARTICLES