peepl-small

এটা ভোটগ্রহণ কেন্দ্র, য’ত কালি এটাও নপৰিল ভোট

PUBLISHED:

গুৱাহাটীঃ সৰুপথাৰ বিধানসভা সমষ্টিৰ অতি স্পর্শকাতৰ ৩০১নং ভোটগ্রহণ কেন্দ্র ইহখু মেম’ৰিয়েল স্কুলত এইবাৰ অসম বিধানসভা নির্বাচনত এটাও ভোট নপৰিল৷ অসম–নাগালেণ্ড সীমান্তৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ লুক্ট মণিপুৰী বস্তি নামৰ গাঁওখনত অৱস্থিত অসমৰ অন্তিম ভোটগ্রহণ কেন্দ্রটো৷

নগা অধ্যুষিত গাঁওখনত মুঠ ভোটাৰৰ সংখ্যা ২৫গৰাকী৷ ইয়াৰে ১৪গৰাকী পুৰুষ আৰু ১১গৰাকী মহিলা ভোটাৰ আছে৷ বিগত প্রায় কেইবাটাও নির্বাচনত ভোটগ্রহণ কেন্দ্রটোত এটাও ভোট নপৰে৷ অসম চৰকাৰে প্রতিবাৰ অসম বিধানসভা নির্বাচন, লোকসভা নির্বাচনত ভোটগ্রহণ কেন্দ্র স্থাপন কৰি প’লিং–প্রিজাইডিং বিষয়াসহ এটা দল পঠিয়ায় যদিও কোনো এবাৰেই কোনো ভোটাৰ ওলাই আহি কেন্দ্রটোত ভোটাধিকাৰ সাব্যস্ত নকৰে৷

উল্লেখ্য যে ধনশিৰি মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৰ ‘এ’–‘বি’–‘চি’ তিনিটা ছেক্টৰ আছে৷ এই তিনিটা ছেক্টৰৰ বৃহত্তৰ ভূমি অসম চৰকাৰৰ প্রশাসনিক দুর্বলতাৰ সুযোগ গ্রহণ কৰি নগা দুর্বৃত্তই বেদখল কৰি আহিছে৷ ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ অধিকাংশ অসমৰ ভূমি নগা লোকে বেদখল কৰি গাঁও, মহকুমা পাতি নাগালেণ্ডৰ মানচিত্রত অন্তর্ভুক্ত কৰি আহিছে৷

জানিব পৰা মতে, ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ মুঠ মাটিকালি ১৮,৩৬৫.৭১ হেক্টৰ৷ এক তথ্য অনুসৰি ‘এ’ ছেক্টৰ এলেকাত অসমীয়া গাঁও পাঁচখন থকাৰ বিপৰীতে নগা গাঁও প্রায় ৩৮খন আছে৷ একপ্রকাৰ দিনকদিনে ‘এ’ ছেক্টৰ এলেকাত অসম চৰকাৰৰ প্রশাসনিক দুর্বলতাৰ সুযোগ গ্রহণ কৰি নাগালেণ্ডে ভূমি বেদখল কৰি আধিপত্য বিস্তাৰ কৰিছে৷ লুক্ট মণিপুৰী বস্তিত অৱস্থিত ইহখু মেম’ৰিয়েল স্কুলৰ ভোটগ্রহণ কেন্দ্রত ভোটদান নোহোৱা কার্যই তাকে ইংগিত দিয়ে৷

RELATED ARTICLES