peepl-small

নর্থ–ইষ্টৰ বিগ ব্রাদাৰ ড০ হিমন্ত বিশ্ব শর্মা

PUBLISHED:

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এগৰাকী শক্তিশালী মুখ্যমন্ত্রী৷ অসম নর্থ–ইষ্টৰ বিগ ব্রাদাৰ৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো বিগ ব্রাদাৰ হিচাপে কাম কৰিব৷ ত্রিপুৰাত বিপ্লৱ কুমাৰ দেবৰ নেতৃত্বত বিজেপি চৰকাৰ হোৱাৰ পিছত প্রধানমন্ত্রীৰ নেতৃত্বত আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রীৰ সহযোগত ৰিয়াং শৰণার্থীসকলৰ সমস্যা সমাধান হৈছে৷ অসম–ত্রিপুৰাৰ সমস্যা যিদৰে সমাধান হৈছে, ঠিক তেনেকৈ অসম–মিজোৰাম তথা উত্তৰ–পূর্বাঞ্চলৰ আন আন ৰাজ্যৰ সীমা সমস্যাও প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত সমাধান হ’ব৷ –এই মন্তব্য কেন্দ্রীয় ৰাজ্যিক সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রী প্রতিমা ভৌমিকৰ৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নিচামুক্ত, অপৰাধমুক্ত অসম গঢ়াৰ পৰিকল্পনাক কেন্দ্রীয় মন্ত্রীগৰাকীয়ে শলাগ লয়৷ বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ত মঙলবাৰে বিশেষভাৱে সক্ষম লোকৰ মাজত সামগ্রী বিতৰণৰ উদ্দেশ্যে অনুষ্ঠিত ‘সামাজিক অধিকাৰিতা শিবিৰ’ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে৷ মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম উন্নয়নৰ দিশত আগবাঢ়ি যাব বুলি মন্তব্য কৰি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত সমগ্র উত্তৰ–পূর্বাঞ্চল লাভৱান হ’ব বুলিও কয়৷ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ লগতে বি টি এ ডিৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে কাম কৰি আছে বুলি মন্তব্য কৰি দেশত থকা কোটি কোটি বিশেষভাৱে সক্ষম লোকৰ দক্ষতা বিকাশ কৰাৰ কাৰণে নিজ নিজ ৰাজ্যক প্রধানমন্ত্রীয়ে দায়িত্ব দিয়াৰ কথা সদৰী কৰে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ভৌমিকে৷

প্রধানমন্ত্রীয়ে ডিজিটেল ব্যৱস্থা অৱলম্বন কৰি ইউ ডি আই ডি কার্ডৰ জৰিয়তে ভৱিষ্যতে সকলো বিশেষভাৱে সক্ষম ব্যক্তিয়ে শিক্ষা, নিয়োগ তথা অন্যান্য সুবিধা লাভ কৰিব বুলি কয়৷ আনফালে বিটিএডিৰ চাৰি জিলাক আগবঢ়াই নিয়াৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক লগত লৈ বিটিআৰ চীফ প্রমোদ বডোৱে কাম কৰি যাব বুলি উল্লেখ কৰে৷ সামাজিক অধিকাৰিতা শিবিৰত সভাপতিত্ব কৰা প্রমোদ বডোৱে বিটিআৰত থকা প্রায় চল্লিশ হাজাৰ দিব্যাংগৰ সমস্যা সমাধান কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীৰ পৰা সহায় বিচাৰে৷ অতি সোনকালে দিব্যাংগসকলৰ সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে প্রমোদ বডোৱে৷

অনুষ্ঠানত বাক্সা জিলাৰ কেইবাগৰাকী বিশেষভাৱে সক্ষম লোকৰ মাজত ড্রাই চাইকেল, শ্রৱণ যন্ত্র, হুইল চেয়াৰ আদি বিভিন্ন সামগ্রী কেন্দ্রীয় মন্ত্রীগৰাকীয়ে হিতাধিকাৰীক নিজ হাতে গামোচা পিন্ধাই বিতৰণ কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে অনুষ্ঠানত বিটিআৰৰ ই এম গৌতম দাস, ৰাকেশ ব্রহ্ম, বাক্সা জিলাৰ উপায়ুক্ত আয়ুষ গার্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, এলিমকোৰ চিএমডি ডি আৰ চাৰিনকে ধৰি বাক্সা জিলাৰ কেইবাগৰাকী প্রশাসনিক আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া উপস্থিত থাকে৷

RELATED ARTICLES