ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) আৰু ‘কা’ আইনখন বলৱৎ কৰা আৰু ইয়াৰ সমর্থন কৰা অথবা বিৰোধ কৰাৰ অন্তৰালত এক বিশেষ চিন্তন সোমাই আছে৷ এই চিন্তাসমূহৰ কোনটো দিশ আমাৰ বাবে কল্যাণকাৰী, সেয়া বিচাৰ কৰিব লাগিব৷ এনেধৰণৰ প্রশ্ণ আমাৰ জীৱনলৈ, দেশ তথা ৰাজ্যৰ প্রতিগৰাকী বাসিন্দালৈ আহি থাকে বা গৈ থাকে৷ কিন্তু ইয়াৰ পৰিণাম তেতিয়া গম পোৱা যায়, যেতিয়া ইয়াৰ স্বৰূপৰ হূদয়ংগম কৰি ইয়াৰ অন্তৰালৰ চিন্তাক আমি উচিতভাৱে নির্ণয় কৰিব পাৰোঁ৷ –এই মন্তব্য ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ সৰ সংঘচালক ডাঃ মোহন ভাগৱতৰ৷
বুধবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অধ্যাপক ননী গোপাল মহন্তই লিখা ‘চিটিজেনশ্বিপ ডিবেটঃ অভাৰ এন আৰ চি এণ্ড কাঃ আছাম এণ্ড পলিটিক্স অৱ হিষ্টৰী’ শীর্ষক গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি এই মন্তব্য প্রকাশ কৰাৰ লগতে তেওঁ কয়– ‘প্রতিটো কথাতে বিতর্কৰ সৃষ্টি কৰাটো এক প্রৱণতা৷ আমি সকলোৱে ভাষা–সংস্কৃতিৰ কথা ভাবি আগুৱাব লাগিব৷ ধর্মনিৰপেক্ষতা আৰু গণতন্ত্র সন্দর্ভত আমাক কোনেও শিক্ষা দিব নালাগে৷ ভাৰত এখন বিশেষ ঐতিহ্যৰ দেশ৷ এই দেশত বিভিন্ন শ্রেণীৰ জনসাধাৰণে শান্তি–সম্প্রীতিৰে বসবাস কৰি সমন্বয়ৰ এক বিৰল প্রতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে৷ দেশ বিভাজনে ভাৰতক দ্বিখণ্ডিত কৰিলেও সকলো ভাৰতবাসীয়ে অনুকম্পামূলক আচৰণ কৰি আহিছে৷ ধর্মনিৰপেক্ষতা, সমাজবাদ আৰু গণতন্ত্র ভাৰতৰ পৰম্পৰাৰ সৈতে সংপৃক্ত হৈ আছে৷ ভাৰতৰ প্রতিখন ৰাজ্যৰে এক ইতিহাস আছে৷ ৪ হাজাৰ বছৰ পুৰণি এই সভ্যতাই আমাক বিশ্বৰ ওচৰত চিনাকি কৰাই দিছে৷ ৪ হাজাৰ বছৰ ধৰি ভাষা–ধর্ম–সংস্কৃতিৰ্ মাজত ভিন্নতা থকাৰ পাছতো ভাৰতৰ প্রতিটো জাতি মিলিজুলি আছে৷ পৃথিৱীত এনে সভ্যতাৰ উদাহৰণ নাই৷’
অসমৰ প্রসংগ উল্লেখ কৰি আৰ এছ এছৰ প্রধানগৰাকীয়ে কয়– অসমৰ প্রতি এনে এক শংকাৰ উদ্রেক হৈছে যে অসমৰ খিলঞ্জীয়া লোক সংখ্যালঘু হ’বলৈ লৈছে৷ এনে এক অনুভৱ হৈছে যে অসমৰ ভাষা, সংস্কৃতি, সভ্যতা শেষ হ’বলৈ লৈছে৷ এয়া প্রাচীন দিনৰ পৰা উদ্ভৱ হোৱা নাই৷ অসমকে ধৰি দেশৰ ভিন্ন প্রান্তত প্রব্রজনকাৰীৰ অহা–যোৱা চলি আছিল যদিও শেহতীয়াকৈ অসমবাসীৰ মাজত ধাৰণা হৈছে যে আমি সংকটৰ সন্মুখীন হৈছোঁ৷ বাহিৰৰ পৰা অহা এনে প্রব্রজনকাৰীয়ে সংখ্যা বৃদ্ধি কৰি এক হেঁচা প্রদান কৰিবলৈ চেষ্টা কৰিছে যে তেওঁলোকৰ মতে সকলো ধৰণৰ নীতি–নিয়ম হ’ব লাগিব৷ কিন্তু এয়া কেতিয়াও মানি ল’ব পৰা বিষয় নহয়৷ দৰাচলতে ইয়াকে লৈ শংকাৰ উদ্ভৱ হৈছে৷ ভাৰতৰ মূল পৰম্পৰা হ’ল বিশ্বৰ কোনো ভাষা, সংস্কৃতি, ধর্মক লৈ আমাৰ আপত্তি নাই৷ কিন্তু বাহিৰৰ পৰা অহা একাংশই ভাষা, সংস্কৃতিৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিলে৷ ফলত ভয়–ভীতি নামি আহিল৷ কিন্তু এটা কথা স্পষ্ট– ধর্মনিৰপেক্ষতা আৰু গণতন্ত্র সন্দর্ভত আমাক কোনেও শিক্ষা দিব নালাগে৷ ভাৰতক পাকিস্তান কৰাৰ লক্ষ্যৰে ১৯৩০ চনৰ পৰাই মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছে৷ এই লক্ষ্যৰে ভাৰত দ্বিখণ্ডিত কৰাত সফল হৈছিল সংখ্যালঘু৷ যি চিন্তা বর্তমানে ভাৰত তথা অসমত হৈছে৷
‘কা’ আৰু এন আৰ চিৰ প্রসংগত মোহন ভাগৱতে কয়– ‘কা’ আৰু এন আৰ চিৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ কোনো ক্ষতি নহয়৷ ভাৰত বিভাজনৰ পাছত আমাৰ নৈতিক দায়িত্ব যে বিভাজিত অংশত প্রতাৰিত হোৱাসকলক আমি সহায় কৰিব লাগে৷ সংখ্যালঘুসকল কা আইনৰ কাৰণে শংকিত হোৱাৰ প্রয়োজন নাই৷ কাৰণ ভাৰতত সংখ্যালঘুসকলৰ বাবে সকলো ধৰণৰ সহায়–সুবিধাৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰতে সংখ্যালঘুৰ বাবে চিন্তা কৰে যদিও পাকিস্তানে নকৰে৷ এন আৰ চি আৰু ‘কা’ৰ সৈতে হিন্দু অথবা মুছলমানৰ মাজত বিভাজন তথা সাম্প্রদায়িকতা কোনোপধ্যে জড়িত নহয়৷ কা আইনৰ জৰিয়তে যিসকল প্রতাৰিত বা নির্যাতিত হৈছে, তেওঁলোকক সহায় কৰাহে মূল লক্ষ্য৷ ইয়াৰ দ্বাৰা এইটো নুবুজায় যে ভাৰতৰ সংখ্যালঘুসকলক অৱহেলা কৰা হৈছে৷ একেদৰে এন আৰ চিৰ জৰিয়তে কিমানসংখ্যক লোক বাহিৰৰ পৰা আহিছে বা কিমানসংখ্যক লোক দেশৰ নাগৰিক, সেয়া নির্ধাৰণ কৰিব বিচৰা হৈছে৷ কিন্তু সমগ্র বিষয়টো ৰাজনৈতিক দৃষ্টিৰে চোৱাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে৷ ভাৰতীয় সংবিধানত নাগৰিকত্ব লাভৰ যি ধাৰা উল্লেখ কৰা হৈছে, সমান্তৰালভাৱে ইয়াৰ কর্তব্যও সন্নিৱিষ্ট কৰা হৈছে৷ কিন্তু নাগৰিকৰ কর্তব্য সম্পর্কে কোনো সচেতন নহয়৷ নাগৰিকৰ কর্তব্য পালন কৰাটোহে প্রকৃত ভাৰতীয় নাগৰিক৷
অসমৰ কলা–সংস্কৃতি তথা ভাষাৰ কথা উল্লেখ কৰি আৰ এছ এছৰ প্রধানগৰাকীয়ে কয়– ‘শংকৰদেৱৰ ভক্তি–সাহিত্যক এৰি অসমীয়া সাহিত্য সম্ভৱ নহয়৷’ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বাঁও উদাৰবাদী বুদ্ধিজীৱীৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ মুখ্যমন্ত্রীৰ মন্তব্য– সমাজত বিকল্প চিন্তা আহিলেই বৌদ্ধিক সন্ত্রাসবাদ চলে৷ তথাকথিত বাঁওপন্থী আৰু উদাৰবাদীৰ অধীনস্থ হৈছে অসমৰ বৌদ্ধিক সমাজ৷ তেওঁলোকে এক বিকল্প ইতিহাস দাঙি ধৰিবলৈ চেষ্টা কৰে৷ সমগ্র পৃথিৱীক ধর্মনিৰপেক্ষতা আৰু মানৱতাবাদ ভাৰতে শিকাইছে৷ গতিকে আনৰ পৰা আমি ধর্মনিৰপেক্ষতাৰ সূত্র গ্রহণ কৰাৰ প্রয়োজন নাই৷
‘কা’ আন্দোলনৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– কা আন্দোলনত মুখ্যতঃ দুটা উদ্দেশ্যৰে হৈছিল৷ প্রথমটো হ’ল দিল্লী আৰু চেন্নাইত যি প্রতিবাদ হৈছিল, সেই প্রতিবাদ অসমৰ কা আন্দোলনতকৈ পৃথক৷ অসমৰ কা আন্দোলন কিছু পৰিমাণে গ্রহণযোগ্য৷ অসমত কা আইনৰ জৰিয়তে হিন্দু হওক, মুছলমান হওক কোনো লোক অহাটো বিচৰা নাছিল৷ কিন্তু ইয়াৰ বিপৰীতে দিল্লী আৰু চেন্নাইৰ আন্দোলন আছিল পৃথক৷ এই আন্দোলনৰ মূল দাবী আছিল– কা আইনৰ জৰিয়তে অকল হিন্দু কিয় আহিব? মুছলমানসকলো আহক৷ অর্থাৎ তথাকথিত ধর্মনিৰপেক্ষসকলে অসমৰ আৱেগক গুৰুত্ব দিয়া নাছিল৷ এইসকল তথাকথিত ধর্মনিৰপেক্ষকসক মতে অসম নচলে৷ দেশ বিভাজনৰ পূর্বে হোৱা স্বাধীনতা আন্দোলনত বিভাজিত অংশৰ লোকসকলো চামিল হৈছিল৷ কিন্তু তেওঁলোকে বিচৰা নাছিল যে দেশ বিভাজন হওক৷ তাৰ বাবে তেওঁলোকে আত্মবলিদান দিয়া নাছিল৷ তেওঁলোকে ধর্মনিৰপেক্ষ এখন সমাজ ব্যৱস্থা, এখন ৰাষ্ট্র বিচাৰিছিল৷ কিন্তু সেয়া তেওঁলোকে নাপালে৷ তেওঁলোকে পালে এখন ধর্মীয় ৰাষ্ট্র৷ দেশ স্বাধীন হোৱাৰ পাছত প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে প্রতিশ্রুতি দিছিল যে প্রতাৰিত আৰু নির্যাতনৰ বলি হোৱা হিন্দুসকলক সুৰক্ষা দিয়া হ’ব৷ সেই একেই স্থিতিত আমি থিয় দিছোঁ৷ কিন্তু আমাৰ এই স্থিতিক সাম্প্রদায়িক বুলি ক’ব খোজে৷ আমি আতিশয্যৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে থিয় দিছোঁ৷ আমাৰ সংবিধানে দেশৰ সংখ্যালঘুসকলকো যথেষ্ট সুবিধা দিছে৷ কিন্তু ধর্মনিৰপেক্ষতাৰ সূত্র এইটো নহয় যে আমাৰ খিলঞ্জীয়া তথা জনগোষ্ঠীয় লোকসকলক সুৰক্ষিত কৰা নহ’ব৷
আজি ধুবুৰীত কোন জনপ্রিয় তাক লৈ বামপন্থী আৰু লিবাৰেলসকলৰ মাজত প্রতিযোগিতা চলিছে৷ কিন্তু যোৰহাটত কোন জনপ্রিয়, তাৰ বাবে প্রতিযোগিতা নাই৷ আমি আমাৰ অস্তিত্বৰ কথা ক’লে সাম্প্রদায়িক বুলি কয়৷ অস্তিত্বৰ সংকটৰ বিষয়টো এতিয়াৰ নহয়৷ পূর্বৰ পৰাই চলি আহিছে৷ ইতিহাস খুঁচৰিলেই এই দিশবোৰ স্পষ্ট হৈ পৰে৷ অসমত এতিয়া যুক্তিৰ অভাৱ হ’লেই বামপন্থীসকলৰ অপপ্রচাৰ চলে৷ সদ্যসমাপ্ত নির্বাচনত যিধৰণে ধর্মীয় মেৰুকৰণৰ হ’ল, তাৰ পৰিপ্রেক্ষিতত আজি কা আইনৰ কি প্রয়োজন, তাক বহলাই কোৱাৰ প্রয়োজন নাই৷ আজি আমি জনসংখ্যা নিয়ন্ত্রণৰ কথা ক’লে সাম্প্রদায়িক হৈ পৰোঁ৷ কিন্তু প্রয়াত প্রধানমন্ত্রী ইন্দিৰা গান্ধী, কংগ্রেছ নেতা সঞ্জয় গান্ধীয়ে যি সময়ত এইবোৰ কথা কৈছিল, তেতিয়া সকলো ঠিকেই আছিল৷ মহাবাহু ব্রহ্মপুত্র, কামাখ্যা মন্দিৰ, শ্রীমন্ত শংকৰদেৱ তেওঁলোকৰ বাবে উপাস্য নহয়৷
ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ভাৰতবর্ষ হ’ল পৃথিৱীৰ এখন সর্ববৃহৎ গণতান্ত্রিক দেশ৷ ভাৰতীয় গণতন্ত্রৰ এক সুকীয়া পৰম্পৰা আছে৷ আৰু ইয়াত প্রত্যেক বিকল্প চিন্তা–চর্চা কৰাৰ সুবিধা আছে৷ মুখ্যতঃ এই প্রেক্ষাপট লৈয়ে অধ্যাপক ননী গোপাল মহন্তই এই গ্রন্থখন লিখি উলিয়াইছে৷ গ্রন্থখন গৱেষণালব্ধ চিন্তা–চর্চাৰ ফচল হোৱাৰ লগতে গ্রন্থখনে আমাৰ চিন্তা শক্তিক আকর্ষিত কৰিব পৰা সমলেৰে সমৃদ্ধ৷ গ্রন্থখন লিখাৰ বাবে লেখক ননী গোপাল মহন্তক শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গ্রন্থখন তথ্যসমৃদ্ধ আৰু এই গ্রন্থখনে নাগৰিকত্ব সংশোধনী আইনৰ এক বিশ্লেষণাত্মক দৃষ্টিভংগী দাঙি ধৰাৰ উপৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী সন্দর্ভতো আন এক বিশ্লেষণাত্মক দৃষ্টিভংগী দাঙি ধৰিছে৷ মুখ্যমন্ত্রীয়ে গ্রন্থখন উন্মোচনৰ বাবে মোহন ভাগৱতৰ দৰে এজন সন্মানীয় ব্যক্তি উপস্থিত হোৱাটো গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে৷
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈয়ে ভাষণ প্রদান কৰি ননী গোপাল মহন্তৰ ৰচিত গ্রন্থখনে কেইবাটাও সমস্যাৰ যুক্তিসংগত তথা বাস্তৱসন্মত দিশ দাঙি ধৰিব বুলি মন্তব্য কৰে৷ ইয়াৰ পূর্বে আদৰণী ভাষণ প্রদান কৰি লেখক ননী গোপাল মহন্তই কয় যে অসমৰ প্রাচীন সভ্যতা তথা পৰম্পৰাক আগত ৰাখি কা আৰু এন আৰ চিৰ বিভিন্ন দিশৰ যুক্তিসমূহ বিশ্লেষণেৰে গ্রন্থখনত উপস্থাপন কৰা হৈছে৷ লেখক মহন্তই গ্রন্থখনৰ আন আন বিভিন্ন দিশো সবিশেষ আলোকপাত কৰে৷ আজিৰ এই গ্রন্থ উন্মোচনী সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ লগতে কেইবাজনো বিধায়ক, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিশিষ্ট লোকসকল উপস্থিত থাকে৷