peepl-small

গ্রামাঞ্চলৰ গৃহ নির্মাণত নালাগে কৰ–পঞ্চায়তৰ অনুমতি

PUBLISHED:

অসম চৰকাৰে গ্রামাঞ্চলত গৃহ নির্মাণৰ ক্ষেত্রত পঞ্চায়তৰ অনুমতি লোৱা তথা কৰ বা মাচুল আৰোপৰ কোনো সিদ্ধান্ত লোৱা নাই৷ বৃহস্পতিবাৰে এক বিবৃতিযোগে ৰাজ্য চৰকাৰে এই কথা স্পষ্ট কৰি দিছে৷ এই সন্দর্ভত একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ প্রতি ৰাজ্য চৰকাৰৰ দৃষ্টি আকর্ষিত হোৱাৰ কথা উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে গাঁৱৰ জনসাধাৰণলৈ সর্বোচ্চ সেৱা আগবঢ়োৱাই হৈছে ৰাজ্য চৰকাৰৰ লক্ষ্য আৰু এইক্ষেত্রত উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ মূল আহিলা হৈছে পঞ্চায়ত ব্যৱস্থা৷ সেয়ে গ্রামাঞ্চলত গৃহ নির্মাণৰ ক্ষেত্রত পঞ্চায়তৰ অনুমোদন বাধ্যতামূলক কৰা বা কোনো কৰ আৰোপ কৰাৰ বিষয়ে চৰকাৰে বিবেচনা কৰা নাই৷

ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিব বিচাৰে যে সমগ্র ৰাজ্যৰ লগতে বিশেষকৈ গ্রামাঞ্চলৰ উন্নয়নৰ দিশত বিভিন্ন পদক্ষেপ গ্রহণেৰে চৰকাৰে সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ এইক্ষেত্রত নতুনকৈ কোনো পঞ্চায়তৰ অনুমোদন ব্যৱস্থা বা কৰ আৰোপৰ কথা চৰকাৰে চিন্তা কৰা নাই৷

RELATED ARTICLES