peepl-small

অসমত নহয় পুনৰ লকডাউন, সান্ধ্য আইন

PUBLISHED:

গুৱাহাটীঃ অসমত পুনৰ নহয় লকডাউন অথবা সান্ধ্য আইন। এই কথা ঘোষণা কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হ’ব যদিও লকডাউন বা সান্ধ্য আইন জাৰি কৰাৰ কোনো সম্ভাৱনা নাই বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

“প্ৰতিদিনে এক লাখ পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগে প্ৰচেষ্টা গ্ৰহণ কৰিব। বিহুৰ কেইদিনত তেনে এক লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰা হ’ব যাতে অসমৰ ৰাইজে নিৰাপদে বিহু পালন কৰিব পাৰে। বিভিন্ন বাতৰি কাকতত কোৱাৰ দৰে অসমত লকডাউন, নাইট কাৰ্ফিউৰ সম্ভাৱনা নাই।”-বৃহস্পতিবাৰে এখন সংবাদমেলত এনেদৰে প্ৰকাশ কৰে ড০ শৰ্মাই।

বিগত বৰ্ষৰ তুলনাত অসমৰ প্ৰস্তুতি যথেষ্ট উন্নত বুলি কৈ ৰাইজক আতংকিত নহৈ সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

তদুপৰি ৪৫ বছৰৰ ওপৰৰ বয়সৰ সকলো লোকক ক’ভিডৰ প্ৰতিষেধক ল’বলৈ অনুৰোধ জনায়। ক’ভিডৰ প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ বুলি জনায় মন্ত্ৰীগৰাকীয়ে।

 

RELATED ARTICLES