peepl-small

এইমছৰ অধ্যয়নঃ ভেকচিন লোৱাৰ পিছত ক’ভিড আক্রান্তৰ হোৱা নাই মৃত্যু

PUBLISHED:

গুৱাহাটীঃ  ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত পুনৰ ঘাতক ভাইৰাইছটোত আক্রান্ত হ’লেও কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্রকাশ কৰিছে নতুন দিল্লীৰ এইমছে৷ এইমছে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ এপ্রিল–মে’ মাহত চলোৱা অধ্যয়নৰ তথ্য অনুসৰি এই মাহ দুটাত ক’ভিড ভেকচিন লোৱাৰ পাছত পুনৰ ক’ভিডত আক্রান্ত হৈছে যদিও কোনো লোকৰ মৃত্যু ঘটা নাই৷

মন কৰিবলগীয়া যে নতুন দিল্লীৰ এইমছৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রৰ স্বাস্থ্য সংস্থা চেণ্টার্ছ ফৰ ডিজিচ কণ্ড্র’ল এণ্ড প্রিভেনচন (চি ডি চি)য়েও ভেকচিন লোৱাৰ পাছত সামান্যসংখ্যক লোক ক’ৰোনাত আক্রান্ত হৈছিল যদিও এই লোকসকলৰ প্রাণহানি হোৱা নাছিল বুলি অধ্যয়নৰ তথ্য প্রকাশ কৰিছিল৷

নতুন দিল্লীৰ এইমছে ভেকচিন লোৱাৰ পাছত পুনৰ ক’ভিডত আক্রান্ত ৬৩জন লোকৰ তথ্য সংগ্রহ কৰিছে৷ ইয়াৰ ভিতৰত ৩৬জনে ভেকচিনৰ দুয়োটা ড’জ লৈছে, বাকী ২৭জনে ভেকচিনৰ এটাকৈ ড’জ লৈছিল৷ ক’ভিশ্বিল্ড লোৱা ১০জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ক’ভাকশ্বিন লোৱা ৫৩জন লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ ইয়াৰে আটাইকেইজন লোকে পিছলৈ সুস্থ হৈছে৷

RELATED ARTICLES