peepl-small

মেট্রিকৰ ফলাফল ঘোষণা নকৰালৈ একাদশত নহ’ব নামভর্তি

PUBLISHED:

গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ পৰিপ্রেক্ষিতত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ বর্তমান পর্যন্ত অনুষ্ঠিত কৰিব পৰা নাই ২০২০–২১ শৈক্ষিক বর্ষৰ হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা৷ এনে প্রেক্ষাপটত উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তি সন্দর্ভত শেহতীয়াকৈ মাধ্যমিক শিক্ষা বিভাগে এক নির্দেশনা জাৰি কৰিছে৷

যোৱা ২৮ মে’ত       জাৰি কৰা এই নির্দেশনাৰ ভিত্তিত  মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক পি জিডুঙে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক (আই এছ)লৈ এখন জৰুৰী পত্র প্রেৰণ কৰে৷ পত্রখনত ছেবাই হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰা পর্যন্ত চৰকাৰী–বেচৰকাৰী মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিক উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভর্তি নকৰাৰ বাবে নির্দেশনা দিবলৈ কোৱা হৈছে৷

RELATED ARTICLES