peepl-small

মহানগৰ আৰক্ষীৰ জালত এনএলএফবিৰ দুর্ধর্ষ কেডাৰ দীপক চৌধুৰী

PUBLISHED:

গুৱাহাটী: গুৱাহাটীত ৰেপিডোচালকৰ বেশত বাহৰ পাতি এন এল এফ বিৰ সাংগঠনিক কাম–কাজ চলাই আছিল দুর্ধর্ষ উগ্রপন্থী সদস্য দীপক চৌধুৰী ওৰফে ডেলঙে (৩২)৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই নুনমাটিৰ ২নং শালবাৰীত অভিযান চলাই দুর্ধর্ষ এন এল এফ বি কেডাৰ ডেলঙক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত কেডাৰ ডেলঙৰ পৰা অভিযানকাৰী দলটোৱে নাইন এম এম পিষ্টলৰ কেইবাজাঁই সক্রিয় গুলী, এ এছ–০১ ই কে–১৫৩১ নম্বৰৰ ক’লা ৰঙৰ পালছাৰ আৰু বহু আপত্তিজনক নথি–পত্র উদ্ধাৰ কৰে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/১২১ (এ)/১২২, ১২৪ আৰু আর্মছ এক্টৰ অধীনত নুনমাটি থানাত ৩১৩/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ধৃত দীপক চৌধুৰীক দেওবাৰে কামৰূপ (মহানগৰ) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰে৷ আদালতে দীপকক ছয় দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীৰ জেৰাত এন এল এফ বিৰ কেডাৰ দীপকে বহু বিস্ফোৰক তথ্য সদৰী কৰিছে৷ কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰা নাই৷ উল্লেখ্য যে বাক্সাৰ গোৰেশ্বৰৰ বাসিন্দা দীপক চৌধুৰীয়ে তিনি মাহ পূর্বে গুৱাহাটীলৈ আহি ভিনিহিয়েক বিশ্বজিৎ ৰায়ৰ ঘৰত আশ্রয় লৈ আছিল৷ ভিনিহিয়েকৰ ঘৰত আশ্রয় লৈ দীপক চৌধুৰীয়ে ৰেপিডো চলাই সাংগঠনিক কাম–কাজ অব্যাহত ৰখা বুলি অপৰাধ শাখাই তথ্য লাভ কৰিছিল৷

RELATED ARTICLES