peepl-small

এনএলএফবিৰ এৰিয়া কমাণ্ডাৰ জিপিৰিয়াছ নার্জাৰী নিহত

PUBLISHED:

গুৱাহাটীঃ মঙলবাৰে পুৱতিনিশা অসম, অৰুণাচল প্রদেশ আৰু ভূটানৰ সীমামূৰীয়া অঞ্চলৰ ঘন অৰণ্যৰ মাজৰ আন্থাইবাৰী নামৰ গাঁওখনত উগ্রপন্থী আৰু আৰক্ষীৰ মাজত হোৱা প্রচণ্ড  গুলীয়াগুলীত এজন উগ্রপন্থী সদস্য থিতাতে নিহত হোৱাৰ বিপৰীতে বাকী সদস্যকেইজন নিশাৰ আন্ধাৰত ঘন অৰণ্যৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয়৷ নিহত উগ্রপন্থী সদস্যজন সদ্যভূমিষ্ঠ উগ্রপন্থী সংগঠন এন এল এফ বিৰ ওদালগুৰি জিলাৰ এৰিয়া কমাণ্ডাৰ জিপিৰিয়াছ নার্জাৰী বুলি আৰক্ষীৰ সূত্রত প্রকাশ৷ নিহত উগ্রপন্থীগৰাকীৰ পৰা বহু আপত্তিজনক নথিপত্রৰ লগতে ধনদাবী পত্র, এটি পিষ্টল আৰু সক্রিয় গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ বিটিআৰত নতুনকৈ ভূমিষ্ঠ হোৱা এন এল এফ বি নামৰ উগ্রপন্থী সংগঠনটোৱে কিছুদিনৰ পৰা ৰাইজৰ নিদ্রাহৰণ কৰি আহিছিল৷ বহু পৰিয়ালক ধন দাবী কৰি আহিছিল৷ ২০২০ বর্ষৰ ২৭ জানুৱাৰীত বিটিআৰৰ সকলো সংগঠন এক হৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে ঐতিহাসিক বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিটিআৰ অঞ্চলৰ সকলো শ্রেণীৰ ৰাইজে তাত সন্তোষ প্রকাশ কৰিছিল যে অঞ্চলটোত শান্তি প্রতিষ্ঠা হ’ব৷ কিন্তু এতিয়া সেই সপোনত হেঙাৰ হিচাপে থিয় দিছে সদ্যভূমিষ্ঠ বিদ্রোহী সংগঠন এন এল এফ বি৷ উগ্রপন্থী সংগঠনটোৰ ভয়ত সাধাৰণ জনতা থৰহৰি কম্পমান হৈ থকাৰ সময়তে আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে অভিযান তীব্র কৰি তুলিছে৷ উগ্রপন্থীক চিনাক্তকৰণ আৰু কৰায়ত্ত কৰাত জনগণক সজাগ–সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে৷ উগ্রপন্থীবিৰোধী অভিযানটোৰ নেতৃত্ব দিছিল ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য বর্মনে৷

অ’এনজিচিৰ তিনি বিষয়া–কর্মচাৰী অপহৰণ কাণ্ডৰে জডিত আলফাৰ লিংকমেন ভূপেন বৰুৱা গুলীবিদ্ধ

অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্রৰ পৰা প্রতিষ্ঠানটোৰ তিনিজনকৈ বিষয়া–কর্মচাৰীৰ অপহৰণ কাণ্ডৰ লগত জডিত আলফাৰ লিংকমেন ভূপেন বৰুৱা যোৱানিশা আৰক্ষীৰে হোৱা এক গুলীচালনাত আহত হৈছে৷ অ’ এন জি চিৰ বিষয়া–কর্মচাৰীকেইজনক অপহৰণ কৰাৰ ক্ষেত্রত আলফাক প্রত্যক্ষভাৱে সহযোগ কৰা ভূপেন বৰুৱাক কালি তিনিচুকীয়া জিলাৰ শদিয়াৰ তেলিকলা গাঁৱৰ নিজ গৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছিল৷ অ’ এন জি চিৰ বিষয়া–কর্মচাৰীৰ অপহৰণ কাণ্ডৰে জডিত ধৃত ভূপেন বৰুৱাক গ্রেপ্তাৰ কৰাৰ পিছতেই কালি নাজিৰাৰ আৰক্ষীৰ দল শদিয়াত উপস্থিত হৈ আলফাৰ লিংকমেনজনক নিজৰ জিম্মাত লৈ নাজিৰালৈ আনে৷ ধৃত লিংকমেনজনে ইতিপূর্বে আলফা (স্বাধীন)ৰ হৈ ধন দাবী কৰাৰ লগতে অপহৰণ কাণ্ডৰ লগত জডিত বুলি স্বীকাৰোক্তি দিছে৷ ধৃত লিংকমেনজনৰ স্বীকাৰোক্তিৰ ভিত্তিত গোপন অস্ত্রৰ সন্ধানত আৰক্ষীয়ে ভূপেন বৰুৱাক লগত লৈ নিশাই লাকুৱা এলেকাত অভিযান আৰম্ভ কৰে৷

আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই প্রকাশ কৰা অনুসৰি, এই অভিযান কালত ধৃত ভূপেন বৰুৱাই গোপনে ৰখা অস্ত্রৰ সন্ধান দিবলৈ যোৱাৰ সময়ত নিশাৰ আন্ধাৰৰ সুযোগ গ্রহণ কৰি নাজিৰা মহকুমা আৰক্ষী বিষয়া প্রদীপ কোঁৱৰৰ ছার্ভিচ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰে৷ ফলত আৰক্ষীয়ে ধৃত লিংকমেনজনক গুলীয়াবলৈ বাধ্য হয়৷ এই গুলীচালনাত ভূপেন বৰুৱাৰ ভৰিত গুলী লগাত তেওঁ আঘাতপ্রাপ্ত হয়৷ আহত লিংকমেনজনক নিশাই নাজিৰাৰ লিগিৰীপুখুৰীস্থিত অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও পৰৱর্তী কালত তেওঁক ডিব্রুগডৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হয়৷

উল্লেখ্য যে যোৱা ২০ এপ্রিলত অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্রস্থলৰ এটা উৎপাদন ৰিগৰ পৰা আলফা (স্বাধীন)ৰ অস্ত্রধাৰী দলে প্রতিষ্ঠানটোৰ মেদিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক অপহৰণ কৰিছিল৷ এই অপহৰণ কাণ্ডত আলফাৰ দলটোক সহযোগিতা আগবঢ়োৱা শদিয়া নিৱাসী তথা ২৫নং আৰক্ষী বেটেলিয়নৰ জোৱান বসন্ত বুঢ়াগোহঁাইক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ আৰক্ষী বেটেলিয়নৰ জোৱান বসন্ত বুঢ়াগোহঁাইৰ সৈতে ধৃত লিংকমেনজনৰ আছিল ঘনিষ্ঠ সম্পর্ক আৰু দুয়োজনেই বিভিন্ন সময়ত আলফাৰ নামত ধন সংগ্রহ কৰি আহিছিল৷ মন কৰিবলগীয়া যে বসন্ত বুঢ়াগোহঁাইৰ অন্যতম সহযোগী তথা আলফাৰ লিংকমেন তপন বুঢ়াগোহঁাকো আৰক্ষীয়ে যোৱা ১ জুলাইত শদিয়াৰে তেলিকলা গাঁৱৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু একে পৰিস্থিতিতে আৰক্ষীয়ে তেওঁকো ভৰিত গুলীয়াই আহত কৰাত সম্প্রতি ডিব্রুগডত চিকিৎসাধীন হৈ আছে৷

RELATED ARTICLES