peepl-small

ক’ভিড আক্ৰান্ত হৈও থমকি ৰোৱা নাই নীলপৱন বৰুৱা…হাস্পতালৰ বিছনাৰ পৰাই আঁকিছে ছবি

PUBLISHED:

গুৱাহাটীঃ চিকিৎসালয়ৰ বিছনাতো স্তব্ধ হৈ পৰা নাই তেওঁৰ শিল্পীসত্বা। ক’ভিডৰ ওচৰত হাৰ মনা নাই তেওঁৰ ৰং-তুলিকাই।

ৰাজ্যৰ স্বনামধন্য চিত্ৰশিল্পী নীলপৱন বৰুৱাই চিকিৎসাধীন অৱস্থাতো অব্যাহত ৰাখিছে সৃষ্টিকৰ্ম।

সম্প্ৰতি ক’ভিড আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভর্তি হৈ আছে যশস্বী শিল্পীগৰাকী। কিন্তু চিকিৎসাধীন অৱস্থাতো চিত্ৰশিল্পীগৰাকীৰ অটুত আছে মনোবল আৰু সৃষ্টিৰ হেঁপাহ। হাস্পতালৰ বিছনাৰ পৰাই আপোন মনেৰে ছবি আঁকি গৈছে তেওঁ।

উল্লেখ্য যে বর্তমান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু অক্সিজেনৰ মাত্রাও সঠিক বুলি জিএমচিএইচৰ অধ্যক্ষই সদৰী কৰিছে৷

RELATED ARTICLES