peepl-small

অভয়াপুৰীত পুখুৰীৰ পৰা উদ্ধাৰ নৱ–দম্পতীৰ মৃতদেহ

PUBLISHED:

অভয়াপুৰী: বিবাহৰ মাত্র তিনি মাহৰ পাছতেই অকাল মৃত্যুক সাবটি ল’লে অভয়াপুৰীৰ নিকটৱর্তী পাচনীয়াৰ এটা দম্পতীয়ে৷ পাচনীয়া গাঁৱৰ পিকু দাস আৰু পিংকী বর্মন নামৰ দম্পতীটোৰ মৃতদেহ শুকুৰবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে ঘৰৰ কাষতে থকা পুখুৰী এটাত প্রত্যক্ষ কৰি যোগীঘোপা আৰক্ষীক খবৰ দিয়ে৷ পাছত আৰক্ষীয়ে দুয়োৰে মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে৷

পিকু দাসৰ পৰিয়ালৰ পৰা জানিব পৰা মতে কালি সন্ধিয়া কিবা কথাত পতি–পত্নীৰ মাজত সামান্য কাজিয়া হৈছিল৷ তাৰ পাছতেই পিংকী ঘৰৰ পৰা ওলাই গৈছিল৷ পাছত স্বামী পিকুয়েও পত্নীক বিচাৰি ঘৰৰ পৰা ওলাই যায়৷ তেতিয়াৰে পৰা নিখোজ হৈ থকা দম্পতীটোৰ মৃতদেহ আজি উদ্ধাৰ হয় ঘৰৰ কাষতে থকা পুখুৰী এটাত৷ একাংশ লোকে সন্দেহ কৰা মতে খঙৰ ভমকত ঘৰৰ পৰা ওলাই অহা পিংকীয়ে হিতাহিত জ্ঞান হেৰুৱাই প্রথমে পুখুৰীটোত জঁপিয়াই দিয়ে৷ পত্নীক পুখুৰীত জঁপিওৱা দেখি পিকুয়েও পুখুৰীটোত জঁপিয়ায়৷ অৱশ্য উদ্ধাৰৰ সময়ত দুয়োটা মৃতদেহ নগ্ন অৱস্থাত থকা বুলি প্রকাশ কৰি একাংশ লোকে ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনতহে ঘটনাৰ প্রকৃত ৰহস্য ওলাই পৰিব৷

উল্লেখ্য যে ম’বাইলৰ জৰিয়তে কিছুদিন পূর্বে পিকু দাসৰ সৈতে পৰিচয় হৈছিল বিবাহিত তিনিবছৰীয়া কন্যা সন্তানৰ মাতৃ পিংকী দাসৰ৷ ম’বাইলৰ যোগাযোগৰ মাজতেই দুয়োৰে মাজত গঢ়ি উঠিছিল প্রেমৰ সম্পর্ক৷ দুয়োৰে সম্পর্ক এটা সময়ত ইমানেই গভীৰতালৈ যায় যে তিনি মাহ পূর্বে পিংকীয়ে নিজৰ তিনি বছৰীয়া কন্যা সন্তানটিক লৈ পূর্বৰ স্বামীগৃহৰ পৰা পলাই আহি পিকুৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল৷ কিন্তু সুখকৰ নহ’ল পিকু–পিংকীৰ সংসাৰ৷ প্রায় প্রতিদিনেই দুয়োৰে মাজত খুতখাত কাজিয়া হ’বলৈ ধৰিছিল৷ আৰু এনে সৰু কাজিয়াই আজিৰ এই শোকাৱহ ঘটনালৈ পৰিৱর্তন হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ৷ ঘটনাটোৱে সমগ্র অঞ্চলটোকেই শোকস্তব্ধ কৰি তুলিছে৷

RELATED ARTICLES