peepl-small

বিবাহৰ ৯ দিনতে ক’ৰোনাই প্রাণ কাঢ়িলে নগাঁৱৰ ন–বোৱাৰীৰ

PUBLISHED:

গুৱাহাটীঃ ক’ৰোনাত আক্রান্ত হৈ এগৰাকী নৱবিবাহিতাই মৃত্যুক আঁকোৱালি লোৱাৰ খবৰে শোকাহত কৰি তুলিছে নগাঁওবাসীক৷ চিকিৎসাধীন অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত মৃত্যু হোৱা ন–কইনাগৰাকীৰ নাম বনলক্ষী ভূঞা (২৮)৷ তেওঁৰ ঘৰ নগাঁৱৰ চকলাঘাটৰ দৰংগীয়াল গাঁৱত৷ মাত্র ৯ দিন পূর্বে মৰিগাঁও জিলাৰ জাগীৰোডৰ বনলক্ষীৰ যোৱা ১৯ এপ্রিলত নগাঁও জিলাৰ চকলাঘাট দৰংগীয়ালৰ যাদৱ ভূঞাৰ লগত অতি আডম্বৰপূর্ণভাৱে সামাজিক ৰীতি–নীতি আৰু ধর্মীয় পৰম্পৰা অনুসৰি বিবাহ সম্পন্ন হৈছিল৷ অলেখ–যুত সপোন বকুত বান্ধি লৈ যুগ্মজীৱনৰ পাতনি মেলা বনলক্ষীৰ সপোনবোৰে পোখা মেলিবলৈ নৌপাওঁতেই নিয়তিয়ে সকলো থানবান কৰি পেলালে৷

জানিব পৰা মতে, বিয়াৰ চাৰি দিন পাছতেই নৱদম্পতীয়ে আঠমঙলা খাবলৈ গৈছিল৷ আঠমঙলা খাই জাগীৰোডৰ পৰা অহাৰ পাছৰে পৰা বনলক্ষী আৰু তেওঁৰ স্বামী যাদৱ ভূঞা অসুস্থ হৈ পৰে৷ তেওঁলোকৰ অসুস্থতা বাঢ়ি যোৱাত কালি দুয়ো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ গৈ ক’ভিড পৰীক্ষা কৰায়৷ ক’ভিড পৰীক্ষাত দুয়োৰে দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাত কালিয়েই দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভর্তি কৰোৱা হয়৷

আনহাতে, যাদৱ ভূঞাৰ ঘৰৰ আন সদস্যসকলৰো ক’ভিড পৰীক্ষা কৰোৱা হয় যদিও তেওঁলোক আটাইৰে ফলাফল ক’ভিড নিগেটিভ আহে৷ ইপিনে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন অৱস্থাতে ন–কইনা বনলক্ষীয়ে আজি পুৱা ৮.৩০বজাত মৃত্যুক সাবটি লয়৷ আনহাতে, তেওঁৰ স্বামী যাদৱ ভূঞা বর্তমানেও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ন–কইনা বনলক্ষীৰ অকাল বিয়োগে তেওঁৰ পিতৃগৃহ আৰু স্বামীগৃহত এক অভাবনীয় পৰিস্থিতি সৃষ্টি কৰিছে৷

RELATED ARTICLES