peepl-small

নৱনিযুক্ত শিক্ষক, টিউটৰৰ পাৰিতোষিক সন্দৰ্ভত কি ক’লে বিত্তমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে?

PUBLISHED:

গুৱাহাটীঃ এই বৰ্ষৰ জানুৱাৰী মাহত নিম্ন আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নিযুক্তি লাভ কৰা ১১,১৩৫ গৰাকী শিক্ষকে নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব। বিভিন্ন নিম্ন, উচ্চ বুনিয়াদী বিদ্যালয়ত টিউটৰৰূপে কৰ্মৰত ১,৯৩৪ গৰাকী শিক্ষকেও লাভ কৰিব নিয়মীয়াকৈ পাৰিতোষিক

ইতিমধ্যে তেওঁলোকৰ পাৰিতোষিকৰ ক্ষেত্ৰত বিত্ত বিভাগে অনুমোদন জনাইছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰী অজন্তা নেওগে।

আনহাতে দুই-এদিনৰ ভিতৰতে শিক্ষক আৰু টিউটৰসকলে পাৰিতোষিক লাভ কৰিব বুলি জনাইছে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে। এইক্ষেত্ৰত ততাতৈয়াকৈ অনুমোদন জনোৱাৰ বাবে বিত্ত বিভাগক ধন্যবাদ জনায় পেগুৱে।

RELATED ARTICLES