peepl-small

মহানগৰীত আটকধুনীয়া সাই বাবাৰ মন্দিৰ মুকলি

PUBLISHED:

গুৱাহাটী: মহানগৰীৰ গণেশগুৰিৰ জটিয়াত স্থাপন কৰা সাই বাবা মন্দিৰটোৰ দুৱাৰ আজি ভক্তপ্রাণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়৷ কৈলাশ নাথ শর্মা ন্যাসে নির্মাণ কৰি উলিওৱা এই মন্দিৰৰ দুৱাৰ মুকলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰি পূজা–র্চনা কৰে৷ অনুষ্ঠানত সাই বাবাৰ শ্রীচৰণত আশিস লৈ মন্ত্রী ড০ শর্মাই নিজৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা কৰে৷

উল্লেখ্য যে বহুদিন পূর্বে নির্মাণকার্য সম্পূর্ণ কৰি তোলা এই মন্দিৰটো ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ বাবে ভক্তপ্রাণ ৰাইজৰ বাবে মুকলি কৰাত কিছু বিলম্ব হৈছিল৷ কিন্তু  এই মন্দিৰটো পৰম্পৰাগত ধর্মীয় ৰীতি–নীতি অনুসৰি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ মাংগলিক পূজা–অর্চনা কৰি মন্দিৰটোৰ দুৱাৰ মুকলি কৰাৰ পাছতে ৰাজ্যৰ ভিন্ন প্রান্তৰ ভক্তপ্রাণ ৰাইজে মন্দিৰটো দর্শন কৰি সাই বাবাক প্রার্থনা জনায়৷

এই অনুষ্ঠানত মন্ত্রী ড০ শর্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপ–সভানেত্রী, বিশিষ্ট সমাজকর্মী মৃণালিনী দেৱী, পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, জ্যেষ্ঠ আৰক্ষী বিষয়া পার্থ সাৰথি মহন্ত, ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতায়ো অংশগ্রহণ কৰি পূজা–র্চনা আগবঢ়ায়৷ মহানগৰীৰ মাজমজিয়াত আকর্ষণীয় ৰূপত স্থাপন কৰা সাই বাবা মন্দিৰটো ভক্তপ্রাণ ৰাইজৰ বাবে অন্যতম উপাসনাৰ থলী হিচাপে পৰিগণিত হ’ব বুলি আজিৰ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰা বহুকেইজন বিশিষ্ট ব্যক্তিয়ে মন্তব্য কৰে৷ মুকলি অনুষ্ঠানত প্রার্থনা জনাই ৰিণিকি ভূঞা শর্মাই সাই বাবাই সকলোকে আশীর্বাদ দি আগবঢ়াই লৈ যাব বুলি আশা প্রকাশ কৰে৷

RELATED ARTICLES