peepl-small

আজি প্ৰকাশ পাবলগীয়া ক’ভিডৰ SOPত কি কি থকাৰ সম্ভাৱনা?

PUBLISHED:

গুৱাহাটী: আজি বিয়লি ৩ বজাত ঘোষণা কৰা হ’ব ক’ভিডৰ নতুন এছঅ’পি। ৰাজ্য চৰকাৰে এই নতুন এছঅ’পিত নাগৰিকৰ সুৰক্ষাৰ বাবে এনে নীতি-নিৰ্দেশনা জাৰি কৰিব পাৰে।

সম্ভাৱ্য নীতি-নিৰ্দেশনা

  • চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতি।
  • ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে চলিব শিক্ষানুষ্ঠান।
  • দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত সীমিতসংখ্যক কৰ্মচাৰীৰ উপস্থিতি।
  • বিবাহ আৰু ঘৰুৱা অনুষ্ঠানত ১০০জন লোক সমৱেত হ’ব পাৰিব।
  • শেষকৃত্য অনুষ্ঠানত ২০জনতকৈ অধিক লোক থাকিব নোৱাৰিব।
  • ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব।
  • গৰ্ভৱতী মহিলা কৰ্মচাৰী, ৫ বছৰৰ তলৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰা কাম কৰিব পাৰিব।
  • অটোৰিক্সা, অলা, উবেৰ বা আন যান-বাহনত এজন চালক আৰু দুজন যাত্ৰী যাব পাৰিব।
  • ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অন্যথা ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব।
  • খন দোকানত একে সময়তে ৫জন লোকহে সমৱেত হ’ব পাৰিব।
  • চিটীবাছ বা বাছত ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব।

RELATED ARTICLES