peepl-small

গুৱাহাটী–যোৰহাট টাউন জনশতাব্দী বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

PUBLISHED:

গুৱাহাটী:  উত্তৰ–পূব সীমান্ত ৰে’লৱেই অহা ১২ জুলাইৰ পৰা পৰৱর্তী নির্দেশ নিদিয়ালৈ গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত এখন বিশেষ জনশতাব্দী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰে’লযাত্রীসকলৰ সুবিধার্থে দেওবাৰটোৰ বাহিৰে সপ্তাহৰ ছয়দিন ৰে’লখন গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত চালচল কৰিব৷

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই এই সন্দর্ভত এক বিবৃতিযোগে জানিবলৈ দিয়া মতে ১২০৬৭ গুৱাহাটী–যোৰহাট টাউন জনশতাব্দী বিশেষ ৰে’লখনে গুৱাহাটীৰ পৰা দৈনিক পুৱা ৬.১০ বজাত যাত্রা আৰম্ভ কৰি একেদিনাই দিনৰ এক বজাত যোৰহাট টাউনত উপস্থিত হ’ব৷

আনহাতে ১২০৬৮ যোৰহাট টাউন – গুৱাহাটী জনশতাব্দী বিশেষ ৰে’লখনে যোৰহাট টাউনৰ পৰা দিনৰ ২.৩০ বজাত উভতনি যাত্রা আৰম্ভ কৰি সেইদিনাই নিশা ৯.২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব৷ ৰে’লখনৰ চাপৰমুখ জংচন, হোজাই, লংকা, লামডিং, ডিফু, বোকাজান, ফৰকাটিং জংচন আৰু মৰিয়নি জংচন ষ্টেচনত ষ্টপেজ থাকিব৷

উল্লেখনীয় যে ডিমাপুৰত ৰে’ল ৰখোৱাৰ ওপৰত নাগালেণ্ড চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ডিমাপুৰ ষ্টেচনত এই ৰে’লখনৰ ষ্টপেজ পৰৱর্তী নির্দেশ নিদিয়ালৈকৈ অস্থায়ীভাৱে হ্রাস কৰা হৈছে৷ মুখ্য জনসম্পর্কৰক্ষী বিষয়া চন্দই জানিবলৈ দিয়া মতে ৰে’লখনৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ ৰে’লৰ ৱেবচাইটত উপলব্ধ হ’ব৷

আনহাতে আনহাতে যাত্রীসকলে নিজ গন্তব্য স্থানত উপস্থিত হোৱাৰ লগে লগে সংশ্লিষ্ট জিলাখনত বাহাল থকা স্বাস্থ্যজনিত প্রট’কল মানি চলিব লাগিব৷

RELATED ARTICLES