peepl-small

পাঠদানক লৈ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা

PUBLISHED:

গুৱাহাটী: দেশত ক’ভিডে কালান্তক ৰূপ ধাৰণ কৰাৰ সময়তে আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় প্ৰসংগত জাৰি কৰিছে নতুন নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি যিকোনো জিলাতে ক’ভিড সংক্ৰমণৰ সংখ্যা ১০০ স্পৰ্শ কৰাৰ লগে লগে প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদান বন্ধ থাকিব।

পূৰ্বৰ নিৰ্দেশনা অনুসৰি পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখা হৈছিল যদিও এতিয়া ইয়াক অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আজি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে। এই নিৰ্দেশনা অনুসৰি নৱমৰ পৰা কলেজ-বিশ্ববিদ্যালয়ৰ পাঠদান পঞ্চাশ শতাংশ ছাত্ৰ-ছাত্ৰীৰে চলি থকিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

এইক্ষেত্ৰত চিৰাং, বিশ্বনাথ, বাগসা, মাজুলী, ডিমাহাছাও, চৰাইদেউ, হাইলাকান্দি, দক্ষিণ শালমাৰা আৰু পশ্চিম কাৰ্বি আংলং জিলাত এতিয়া ক’ভিড আক্ৰান্তৰ সংখ্যা ১০০ হোৱা নাই। গতিকে এইকেইখন জিলাক বাদ দি আন সকলো জিলাতে অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব।

RELATED ARTICLES