peepl-small

পাঁচ সমষ্টিত নতুন মুখঃ জ্যেষ্ঠ কংগ্রেছীৰ পুত্র–কন্যাক প্রার্থিত্ব প্রদান

PUBLISHED:

গুৱাহাটীঃ অসম বিধানসভাৰ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে মঙলবাৰে ২১ সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিছে কংগ্রেছে৷ বর্তমানৰ বিধায়ক আৰু নতুন মুখ অন্তর্ভুক্তিৰে প্রকাশ কৰা হৈছে এই তালিকা৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ স্বাক্ষৰসম্বলিত প্রার্থী তালিকা অনুসৰি– দক্ষিণ শালমাৰাত ৱাজেদ আলী চৌধুৰী, গোলোকগঞ্জত আব্দুছ ছোবাহন আলী সৰকাৰ, বঙাইগাঁৱত শংকৰপ্রসাদ ৰায়, অভয়াপুৰী (উত্তৰ) আব্দুল বাতিম খন্দকাৰ, অভয়াপুৰী (দক্ষিণ) প্রদীপ সৰকাৰ, দুধনৈত যাদৱ স্বর্গীয়াৰী, পূব গোৱালপাৰাত আব্দুল কালাম ৰছিদ আলম, পশ্চিম গোৱালপাৰাত মঃ আব্দুল ৰছিদ মণ্ডল, জলেশ্বৰত আফতাব উদ্দিন মোল্লা, পাটাছাৰকুছিত শান্তনু শর্মা, বাঘবৰত শ্বেৰমান আলী আহমেদ, সৰুক্ষেত্রীত জাকিৰ হুছেইন শিকদাৰ, চেঙাত শুকুৰ আলী আহমেদ, বকোত নন্দিতা দাস, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ, পলাশবাৰীত যতীন মালী, জালুকবাৰীত ৰমেন চন্দ্র বৰঠাকুৰ, দিছপুৰত মনজিৎ মহন্ত, পূব গুৱাহাটীত অসীমা বৰদলৈ, বৰক্ষেত্রীত দিগন্ত বর্মন আৰু ধর্মপুৰত ৰাতুল পাটোৱাৰীয়ে প্রার্থিত্ব লাভ কৰিছে৷ আজি ঘোষণা কৰা তালিকা অনুসৰি ৫খন নতুন মুখে স্থান লাভ কৰিছে৷

তেওঁলোক হৈছে– দুধনৈত যাদৱ স্বর্গীয়াৰী, পাটাছাৰকুছিত শান্তনু শর্মা, দিছপুৰত মনজিৎ মহন্ত, ধর্মপুৰত ৰাতুল পাটোৱাৰী আৰু পূব গুৱাহাটীত অসীমা বৰদলৈয়ে নতুনকৈ প্রার্থিত্ব প্রদান কৰা হৈছে৷ ইফালে, প্রাক্তন মন্ত্রী প্রয়াত চন্দন সৰকাৰৰ পুত্র প্রদীপ সৰকাৰক অভয়াপুৰী (দক্ষিণ), প্রাক্তন মন্ত্রী ভূমিধৰ বর্মনৰ পুত্র দিগন্ত বর্মনক বৰক্ষেত্রীত আৰু ৰবীন বৰদলৈৰ কন্যা অসীমা বৰদলৈক প্রার্থিত্ব প্রদান কৰিছে কংগ্রেছে৷ ইফালে বর্তমানৰ বিধায়ক আব্দুল হাইনাগৰী এইবাৰ কংগ্রেছৰ টিকট লাভৰ পৰা বঞ্চিত হৈছে৷ আনহাতে ধর্মপুৰ সমষ্টিত দলটোৰ পৰা প্রার্থিত্ব বিচৰা প্রাক্তন মন্ত্রী নীলমণি সেন ডেকাকো দিয়া হোৱা নাই দলীয় টিকট৷ সমান্তৰালভাৱে গোলকগঞ্জত কংগ্রেছৰ পৰা প্রার্থিত্বপ্রত্যাশী আছিল প্রাক্তন সংসদীয় সচিব আবু তাহেৰ বেপাৰী৷

ইয়াৰ বিপৰীতে এই সমষ্টিটোত আব্দুছ ছোবাহন আলী সৰকাৰক প্রদান কৰা হৈছে প্রার্থিত্ব৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অন্যতম গুৰুত্বপূর্ণ সমষ্টি দিছপুৰ এৰি দিয়াক লৈ ইতিমধ্যে বিতর্কৰ সৃষ্টি হৈছে৷ এই সমষ্টিটো মিত্রদল আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ বিৰোধিতা কৰি আহিছিল তৃণমূল কর্মীসকলে৷ ইয়াৰ মাজতে আঞ্চলিক গণ মর্চাৰ কার্যকৰী সভাপতি মনজিৎ মহন্তক দিছপুৰ সমষ্টিত কংগ্রেছৰ প্রার্থী হিচাপে আজি ঘোষণা কৰাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ এই সমষ্টিটোত প্রার্থিত্বপ্রত্যাশী আছিল প্রাক্তন মন্ত্রী অকণ বৰা৷

সমান্তৰালভাৱে তেওঁৰ পুত্র মানস বৰায়ো এই সমষ্টিটোৰ প্রার্থিত্বৰ বাবে সমানেই দাবীদাৰ আছিল৷ এনে ক্ষেত্রত কংগ্রেছত যোগদান নকৰাকৈয়ে মনজিৎ মহন্তৰ নাম তালিকাত সন্নিৱিষ্ট হোৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ইফালে, পশ্চিম গুৱাহাটী, হাজো আৰু বৰপেটা সমষ্টিৰ প্রার্থী তৃতীয়খন তালিকাতো আজি ঘোষণা কৰা হোৱা নাই৷

RELATED ARTICLES