peepl-small

আজিৰে পৰা ৰাজ্যত নতুন এছঅ’পিঃ বিয়লি ৫ বজালৈ খোলা থাকিব বজাৰ–ব্যৱসায়িক প্রতিষ্ঠান–কার্যালয়

PUBLISHED:

ৰাজ্যৰ ক’ভিড পৰিস্থিতি ধাৰাবাহিকভাৱে উন্নত হোৱাৰ পৰিপ্রেক্ষিতত হ্রাস কৰা হৈছে সান্ধ্য আইনৰ সময়৷ সোমবাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ ইয়াৰ লগে লগে ৰাজ্যত দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি খুলি ৰখাৰ সময় পূর্বৰ তুলনাত এঘণ্টা বৃদ্ধি কৰা হৈছে৷

মঙলবাৰৰ পৰা দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিলেও মুকলি কৰা নহ’ব আন্তঃজিলা যাতায়াত৷ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব আন্তঃজিলা যাতায়াত৷ ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা লক্ষণীয়ভাৱে হ্রাস পালেহে আন্তঃজিলা যাতায়াত পুনৰ মুকলি কৰা সন্দর্ভত বিবেচনা কৰা হ’ব বুলিও এছ অ’ পিত উল্লেখ কৰা হৈছে৷ বিবাহ অনুষ্ঠান আৰু শেষকৃত্যত সর্বাধিক ১০জন ব্যক্তি উপস্থিত থাকিবলৈহে অনুমতি প্রদান কৰা হৈছে৷

উল্লেখ্য যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি চৰকাৰে সময়ে সময়ে নতুন এছ অ’ পি প্রকাশ কৰি আহিছে৷ আক্রান্তৰ হাৰৰ প্রতি লক্ষ্য ৰাখি সময়ে সময়ে সান্ধ্য আইনৰ সময় সালসলনি কৰা হৈছে৷ শেহতীয়াকৈ গোলঘাট–লখিমপুৰক্ ধৰি কেইবাখনো জিলাত আক্রান্তৰ হাৰ অত্যধিক বৃদ্ধি পোৱাত সম্পূর্ণ কণ্টেইনমেণ্ট ঘোষণা কৰা হৈছিল৷ পৰৱর্তী সময়ত উক্ত জিলাকেইখনত আক্রান্তৰ হাৰ হ্রাস পোৱাত নীতি–নির্দেশনাসমূহ শিথিল কৰা হৈছে৷ আজি প্রকাশ কৰা এছ অ’ পি অনুমতি ৰাজ্যত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান৷ অনলাইনযোগে শিক্ষানুষ্ঠানসমূহত অব্যাহত থাকিব পাঠদান৷

সোমবাৰে ক’ভিডত আক্রান্ত ১,১২০

ৰাজ্যত অব্যাহত আছে ক’ভিড সংক্রমণ৷ সোমবাৰে পুনৰ নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,১২০জন লোক৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৪০,৪৫৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৮০ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৯৭জন কামৰূপ জিলাৰ৷ ইপিনে  ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ১৭জন লোকৰ৷ সুস্থতাৰ হাৰ হৈছে ৯৭.১৩ শতাংশ৷

RELATED ARTICLES