peepl-small

নতুন SOP: আন্তঃজিলা যাতায়াতত কিছু শিথিলতা, চাওক SOP ৰ A to Z

PUBLISHED:

নতুন SOP: আন্তঃজিলা যাতায়াতত কিছু শিথিলতা, চাওক SOP ৰ A to Z

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে (ASDMA) গ্ৰাম্য আৰু নগৰ দুয়োটা অঞ্চলৰ বাবে আজি পুনৰ এক সংশোধিত নিৰ্দেশনা জাৰি কৰিছে। যি ১৮ আগষ্ট বুধবাৰৰ পুৱা ৫ বজাৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কাৰ্যকৰী হৈ থাকিব।

১. নৈশ কাৰ্ফিউৰ সময়সীমা বৃদ্ধি কৰি বুধবাৰৰ পৰা ৰাজ্যজুৰি সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ হ’ব।

২. সেই অনুসৰি, সকলো কৰ্মস্থান, ব্যৱসায়/বাণিজ্যিক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, হোটেল, ৰিজৰ্ট, ধাবা আৰু অন্যান্য ভোজনালয়ত ভোজন, ৰেষ্টুৰেণ্ট/ধাবা আৰু অন্যান্য ভোজনালয়ৰ পৰা খাদ্য সামগ্ৰী গ্ৰহণ, বিক্ৰী কাউণ্টাৰ খোলা, শীতল ভঁৰাল আৰু গুদাম, সামগ্ৰী, ফল আৰু পাচলি, দুগ্ধজাত সামগ্ৰী আৰু গাখীৰ কেন্দ্ৰৰ সৈতে লেনদেন কৰা দোকান, ৰাজ্যজুৰি সন্ধিয়া ৬ বজালৈ মুকলি থাকিব।

৩. কামৰূপ (মেট্ৰ’) জিলাৰ বাহিৰে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়ত আৰু মানুহৰ চলাচলৰ অনুমতি দিয়া হৈছে। অৱশ্যে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত ৰাজহুৱা পৰিবহন স্থগিত থাকিব।

৪. স্নাতক / স্নাতকোত্তৰ অভিযান্ত্ৰিক/চিকিৎসা মহাবিদ্যালয়, জিএনএম, নাৰ্চিং পাঠ্যক্ৰম আৰু এৰোনটিকেল ইঞ্জিনিয়াৰিং কলেজৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীবোৰ সম্পূৰ্ণ টিকাকৰণ কৰা শিক্ষাৰ্থীৰ সৈতে আৰম্ভ কৰাৰ অনুমতি দিয়া হৈছে।

৫. যিকোনো মুকলি বা বন্ধ স্থানত ২০০ জন সম্পূৰ্ণ টিকাকৰণ কৰা লোকক লৈ সভা/একত্ৰিত হোৱাৰ অনুমতি।

৬. ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসৰ সৈতে সম্পৰ্কিত অনুষ্ঠানসমূহত বন্ধ হলৰ ক্ষেত্ৰত ৫০% মানুহৰ উপস্থিতিত কৰাৰ অনুমতি।

৭. বিবাহ/অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচীৰ বাবে ২৫ জনলৈকে ৰাজহুৱা সমাৱেশৰ অনুমতি দিয়া হয়।

৮. ধৰ্মীয় স্থানবোৰত প্ৰতি ঘণ্টাত ২০ জনলৈকে সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিৰ সৈতে মুকলি কৰাৰ অনুমতি দিয়া হয়।

৯. চিনেমা/থিয়েটাৰ হল বন্ধ হৈ থাকিব।

১০. সকলো ৰাজহুৱা স্থানত মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

১১. আবকাৰী কৰ্তৃপক্ষই সকলো জিলাতে দেশীয় সুৰাৰ অবৈধ উৎপাদন আৰু বিক্ৰীৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব।

RELATED ARTICLES