peepl-small

১ আগষ্টত নীট–২০২১ পৰীক্ষাঃ ১১টা ভাষাত হ’ব

PUBLISHED:

গুৱাহাটীঃ চিকিৎসা বিজ্ঞান পাঠ্যক্রমত নামভর্তিৰ প্রৱেশ পৰীক্ষা নেচনেল ইলিজিবিলিটী কাম এণ্ড্রেঞ্চ টেষ্ট, চমুকৈ নীট, ২০২১ পৰীক্ষা অহা এক আগষ্টত অনুষ্ঠিত হ’ব৷

নেচনেল টেষ্টিং এজেঞ্চীয়ে (এন টি এ) শনিবাৰে নির্দেশনাযোগে এক আগষ্টত নীট, ২০২১ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ লগতে এই পৰীক্ষা ১১টা ভাষাত অনুষ্ঠিত হ’ব৷

হিন্দী, ইংৰাজীকে ধৰি ১১টা ভাষাত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা কলম আৰু কাগজ আর্হিত অনুষ্ঠিত হ’ব৷ এন টি এৰ দ্বাৰা আয়োজিত নীট ইউ জিৰ পৰীক্ষাৰ জৰিয়তে দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত এম বি বি এছ/বি ডি এছ পাঠ্যক্রমৰ লগতে আন স্বীকৃতিপ্রাপ্ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমসমূহত নামভর্তি কৰাৰ যোগ্যতা অর্জন কৰে৷

RELATED ARTICLES