peepl-small

নীপকোৱে ৰঙানদীত এৰিলে ৪,৫০০ ঘনমিটাৰ পানীঃ উটি গ’ল দলং

PUBLISHED:

গুৱাহাটীঃ  ভয়ংকৰ দুর্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা৷ শনিবাৰে বিয়লিৰ পৰা ৰঙানদীত নীপকোৱে বিশাল পৰিমাণৰ জলৰাশি এৰি দিয়াৰ ফলতে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ধাৰাসাৰে হৈ থকা বৰষুণৰ ফলত ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ জলধাৰাত পানীৰ চাপ অত্যধিক হৈ পৰে৷ জলধাৰাৰ সুৰক্ষা বান্ধৰ প্রতি ভাবুকি সৃষ্টি হোৱাত নীপকোৱে প্রকল্পৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকলাই দিয়াৰ সিদ্ধান্ত লয় আৰু বিয়লি দুই বজাত লখিমপুৰ জিলা প্রশাসনলৈ সতর্ক বার্তা প্রেৰণ কৰে৷

সতর্ক বার্তা প্রেৰণৰ খন্তেক পাছতেই নীপকোৱে প্রকল্পৰ চাৰি নম্বৰ গেট খুলি দি ছেকেণ্ডত ৩০০ ঘনমিটাৰকৈ পানী এৰি দিয়ে৷ ক্রমে ইয়াৰ পৰিমাণ বঢ়াই গৈ বিয়লি চাৰি বজালৈ চাৰি হাজাৰ পাঁচশ ঘনমিটাৰ কৰেগৈ৷ নদীখনত অতিৰিক্তভাৱে এৰি দিয়া বিশাল জনৰাশিয়ে ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰাৰ আশংকাত নদীপৰীয়া অঞ্চলত স্থাপন কৰা ছাইৰেনসমূহ বিকট শব্দৰে বাজি উঠি৷ ক্রমাৎ সন্ধিয়াৰ পৰত ভয়াৱহ ৰূপ ধাৰণ কৰে নদীখনে৷ নদীখনে ধাৰণ কৰা কাল ৰূপ প্রত্যক্ষ কৰি আৰু নীপকোৱে এৰি দিয়া পানীৰ পৰিমাণৰ কথা শুনি নদীপৰীয়া অঞ্চলসমূহত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷

ৰাইজে ঘৰৰ বয়–বস্তু ওখ ঠাইত তুলি প্রাণ ৰক্ষাৰ বাবে নিৰাপদ আশ্রয়স্থলৰ সন্ধান কৰিবলৈ লৰা–ঢপৰা কৰে৷ নদীপৰীয়া অঞ্চলসমূহত বিয়লিৰ পৰা বিৰাজ কৰে আতংকময় পৰিৱেশ৷

উল্লেখ্য যে নীপকোৱে প্রকল্পৰ পৰা পানী এৰি দিয়াৰ তিনি ঘণ্টামানৰ পাছতেই লখিমপুৰত সেই পানী আহি ধ্বংসলীলাৰ সূচনা কৰে৷ সন্ধিয়া পর্যন্ত নদীখনে প্রবল সোঁতেৰে ঢ়ৌ আৰু গর্জনেৰে ওফন্দি আহিলেও নিশাৰ ভাগতহে প্রলয়ৰ সূচনা কৰাৰ সম্ভাৱনা আছে৷ নিশাৰ ভাগত নদীখনে সৃষ্টি কৰিব পৰা ধ্বংস সন্দর্ভত আশংকাত নদীপৰীয়া অঞ্চলত ত্রাসৰ সৃষ্টি হৈছে৷

ইফালে, সন্ধিয়া ৫.৩০মান বজাত লখিমপুৰ নগৰৰ পৰা ডিজু পাঁচনৈ অঞ্চল সংযোগী একমাত্র পথটোত ৰঙানদীৰ ওপৰত থকা কাঠ–বাঁহৰ দলংখন নদীৰ প্রবল সোঁতে উটুৱাই লৈ যায়৷ ফলত অঞ্চলটোৰ ১০খনমান গাঁৱৰ প্রায় কুৰি হাজাৰ লোক জলবন্দী হৈ পৰে৷ নদীৰ বানত বৃহৎ অঞ্চলটো ক্রমাৎ ডুবিবলৈ লৈছে যদিও আন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান চলাব পৰা নাই৷ উল্লেখ্য যে এনে সংকটৰ বাবেই উক্ত অঞ্চলত প্রতি বছৰে বহু লোকৰ সলিল সমাধি ঘটি আহিছে৷

RELATED ARTICLES