peepl-small

নৱগ্রহ শ্মশান পৰিদর্শন পৌৰ আয়ুক্ত দেৱাশিস শর্মাৰ

PUBLISHED:

গুৱাহাটীঃ বিগত কেইবাবছৰ ধৰি বন্ধ হৈ থকা নৱগ্রহৰ গেছ চালিত শ্মশানখন পুনৰ কার্যক্ষম কৰাৰ পদক্ষেপ গ্রহণ কৰিছে নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই৷ শুকুৰবাৰে পৌৰ আয়ুক্ত শর্মাই গুৱাহাটী ৰ’টাৰী ক্লাবৰ প্রতিনিধিৰ সৈতে নৱগ্রহ শ্মশানত উপস্থিত হৈ গেছ চালিত শ্মশানখনৰ যন্ত্রপাতিৰ অৱস্থাৰ বুজ লয়৷

পৌৰ আয়ুক্ত শর্মাই কয় যে গুৱাহাটীৰ দৰে এখন মহানগৰত গেছ চালিত শ্মশানৰ প্রয়োজন আছে৷ গেছ চালিত শ্মশানখনৰ যন্ত্রপাতি মেৰামেতি কৰি ইয়াক শীঘ্রে কার্যক্ষম কৰি তোলা হ’ব বুলি জানিবলৈ দিয়ে৷ এই ক্ষেত্রত ৰ’টাৰী ক্লাবে যাৱতীয় সহায়–সহযোগিতা প্রদানৰ আশ্বাস দিয়ে৷

RELATED ARTICLES