peepl-small

নাৰেংগীৰ ৰাজপথত ডাষ্টবিন সদৃশ পৰিৱেশ

PUBLISHED:

গুৱাহাটী:  নাৰেংগী–পাথৰকোৱেৰ্ ঘাইপথটোৰ পূতিগন্ধময় পৰিৱেশৰ ফলত জ্বলাকলা খাইছে পথচাৰীৰ লগতে স্থানীয় বাসিন্দা৷ পৌৰ নিগমৰ অমনোযোগিতা আৰু হেমাহিৰ বাবে আজি সমগ্র পথছোৱা ডাষ্টবিনত পৰিণত হোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ ফলত পথচাৰীৰ লগতে দাঁতিতে থকা লোকসকলে ঘৰতে নাকত সোপা দি থাকিবলগা হৈছে৷ উল্লেখ্য যে পাথৰকোৱেৰীৰ পৰা নাৰেংগী পথছোৱাত বিভিন্ন ঠাইত আজি পুৱাৰে পৰা দেখিবলৈ পোৱা যায় বিভিন্ন গেলা–পচা জাৱৰৰ দ’ম৷ পাথৰকোৱেৰীৰ পৰা নাৰেংগীলৈ প্রায় ২ কিঃমিঃ পথছোৱাত দহ স্থানতকৈ অধিক স্থানত পথৰ সোঁমাজত পেলনীয়া জাৱৰ–জোথৰৰ সিঁচৰতি হৈ পৰি থকা প্রত্যক্ষ কৰে স্থানীয় ৰাইজে৷

ঘৰুৱা পেলনীয়া জাৱৰৰ টোপোলা আৰু পচিবলৈ ধৰা কলগছ আদি পথৰ কেবা ঠাইত পৰি থকাৰ ফলত সমগ্র অঞ্চলটো দুর্গন্ধময় হৈ পৰিছে৷ ফলত আজিৰ দিনটো এই পথছোৱাৰে সাধাৰণ লোক চলাচল কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হয়৷ স্থানীয় বাসিন্দাই প্রকাশ কৰা মতে পৌৰ নিগমৰ জাৱৰ কঢ়িওৱা গাড়ীৰে কোনো অঞ্চলৰ পৰা জাৱৰ কঢ়িয়াই নি থকাৰ সময়ত অসাৱধানতা আৰু অমনোযোগিতাৰ বাবে পথছোৱাত এনেদৰে গাড়ীৰ পৰা পৰি গৈছে বৃহৎ পৰিমাণৰ জাৱৰ৷

তদুপৰি সিঁচৰতি হৈ থকা গেলাপচা জাৱৰৰ ওপৰেৰে বাহন আদি চলি থকাৰ ফলত অতি দুর্গন্ধময় হৈ পৰিছে অঞ্চলটো৷ আশ্চর্যজনক কথা যে বৃহৎ পৰিমাণৰ পেলনীয়া জাৱৰ সমগ্র পথছোৱাত ওৰে দিনটো পৰি থাকিল যদিও নিগম কর্তৃপক্ষ অথবা সংশ্লিষ্ট পক্ষই পৰিষ্কাৰ কৰাৰ কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ যাৰ পৰিণতিত পূতিগন্ধময় পৰিৱেশত দিনটো অতিবাহিত কৰিবলগা হ’ল অঞ্চলবাসী৷ জাৱৰ কঢ়িওৱা গাড়ীসমূহে ঢ়াকনি নোহোৱাকৈ মহানগৰীৰ জাৱৰ আদি কঢ়িয়াই থকাৰ ফলত প্রায়ে বিভিন্ন পথত এনেদৰে জাৱৰ পৰি থকা দেখিবলৈ পোৱা যায়৷ যিটোৱে মহানগৰীৰ জীৱন–যাপনত প্রায়ে নেতিবাচক প্রভাৱ পেলায়৷

RELATED ARTICLES