peepl-small

নাৰায়ণপুৰত নির্মীয়মাণ অৱস্থাতে খহি পৰিল মাধৱদেৱ কলাক্ষেত্রৰ দেৱাল

PUBLISHED:

গুৱাহাটী: নাৰায়ণপুৰত নির্মীয়মাণ শ্রীশ্রী মাধৱদেৱ কলাক্ষেত্রৰ দেৱাল সম্পূর্ণ নৌহওঁতেই খহি পৰাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিগত কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কালি নিশা প্রায় ৮ বজাত মাধৱদেৱ কলাক্ষেত্রৰ পশ্চিম দিশৰ দেৱালৰ প্রায় ৫০ মিটাৰ অংশ খহি পৰে৷ পূর্বৰ ঠিকাদাৰৰ নিম্নমানৰ কামৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷

উজনিৰ উত্তৰপৰীয়া ৰাইজ তথা নাৰায়ণপুৰবাসীৰ সপোনৰ প্রকল্পটোৰ নির্মাণকার্য সন্দর্ভত বিভাগীয় কর্তৃপক্ষৰ তদাৰকৰ অতি প্রয়োজন হৈ পৰিছে৷ উল্লেখ্য যে প্রায় ৩৪ কোটি টকাৰে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী বদলা পদ্মআতা সত্রৰ সত্রাধিকাৰ শ্রীকান্ত গোস্বামীয়ে দান সূত্রে আগবঢ়োৱা ভূমিত কলাক্ষেত্রখনৰ নির্মাণকার্য চলি আছে৷ নতুনকৈ নির্মাণ নকৰি পূর্বৰ দেৱালৰ ওপৰতে প্রায় ডেৰফুট ওখ কৰি নতুন গাঁথনি মাৰি বর্তমানৰ ঠিকাদাৰে কাম সামৰাৰ চেষ্টা কৰিছে৷

বর্তমানৰ মুখ্যমন্ত্রী তথা তদানীন্তন বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত বর্ষত নাৰায়ণপুৰত নির্মীয়মাণ মাধৱদেৱ কলাক্ষেত্রৰ দ্বিতীয় পর্যায়ৰ কামৰ শুভ উদ্বোধন কৰিছিল৷ তেতিয়াৰে পৰা নির্মাণৰ কামৰ যথেষ্ট অগ্রগতি হৈছে যদিও শেহতীয়াকৈ লেহেম হোৱা পৰিলক্ষিত হৈছে৷

RELATED ARTICLES