peepl-small

ঢকুৱাখনাত তৃতীয় বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত নব কুমাৰ দলে

PUBLISHED:

গুৱাহাটীঃ সদ্য সমাপ্ত অসম বিধানসভাৰ পঞ্চদশ নিৰ্বাচনত ১১২ নং ঢকুৱাখনা বিধানসভাৰ সমষ্টিৰ পৰা ত্‌ত্বীয় বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ গৌৰব অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল ঢকুৱাখনাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জন নেতা আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা নব কুমাৰ দলে ৷

সন্মিলিত গণশক্তি অসম আৰু কংগ্ৰেছকে ধৰি মহাজোঁটৰ তীব্ৰ বিৰোধীতাক ঢকুৱাখনা বাসীৰ মৰমত মষিমূৰ কৰি অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল টিম ঢকুৱাখনাৰ নেতা গৰাকী ৷

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এইবাৰৰ নিৰ্বাচনত অতিকে উল্লেখযোগ্য স্বান দখল কৰা আৰু সকলোৱে দ্‌ষ্টি আক্ৰশনৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱা ঢকুৱাখনা বিধানসভাৰ সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী নব কুমাৰ দলেই তেওঁৰ নিকততম প্ৰতিদন্দী মহাজোঁটৰ প্ৰাৰ্থী পদ্মলোচন দলেক ৯৫৯৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি পৰিৱৰ্তন কামী ৰাজ্য চৰকাৰৰ হাত শক্তিশালী কৰিবলৈ সক্ষম হয় ৷

যোৱা ২ মে’ত অনুস্থিত ভোট গণনাত নব কুমাৰ দলেই ৮৬৩৮২ টা ভোট লাভ কৰাৰ বিপৰীতে পদ্মলোচন দলেই ৭৬৭৮৬ টা ভোট লাভ কৰি দ্বিতীয় স্বানতে থমকি ৰবলৈ বাধ্য হয় ৷

RELATED ARTICLES