peepl-small

‘সি সৰু ল’ৰা, তাক এৰি দিয়ক’ –অলকেশৰ মাতৃৰ কাতৰ আহ্বান

PUBLISHED:

গুৱাহাটীঃ কুইপ’ৰ দুই অভিযন্তাক আলফা স্বাধীনে অপহৰণ কৰাৰ পিছত এইবাৰ অ’ এন জি চিৰ তিনি অভিযন্তাক অপহৰণ কৰা ঘটনাই উজনি অসমৰ লগতে নিতাইপুখুৰীৰ কাষৰীয়া পদুমনি সৰুআলিৰ গাঁৱতো তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ অসম সম্পদ নাজিৰাৰ লাকুৱাস্থিত ৮নং তৈলক্ষেত্রত কর্মৰত তিনিজনকৈ অভিযন্তাক পাঁচজনীয়া অস্ত্রধাৰী যুৱকে আজি পুৱতিনিশা অপহৰণ কৰি নিয়া ঘটনাই ডিমৌৰ কাষৰীয়া ডিব্রুগড জিলাৰ পদুমনি সৰুআলি গাঁৱৰ মোহিনী মোহন গগৈৰ বাসগৃহত কান্দোনৰ ৰোল উঠিছে৷

লাকুৱাস্থিত অ’ এন জি চিৰ জিজিএছ–৮ ৰিগৰ পৰা অস্ত্রধাৰী পাঁচ যুৱকে অপহৰণ কৰা তিনি অভিযন্তাৰ ভিতৰৰ মোহিনী মোহন গগৈ ডিব্রুগড় জিলাৰ খোৱাং থানাৰ অধীনস্থ পদুমনি সৰুআলি গাঁৱৰ মধ্যবিত্ত কৃষক পৰিয়াল হেমন্ত গগৈ আৰু মিনু গগৈৰ একমাত্র সন্তান৷ নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০০০ চনত মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ নিতাইপুখুৰী হেমচন্দ্র দেৱগোস্বামী মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা গ্রহণ কৰে৷ পিছত যোৰহাট অভিযান্ত্রিক প্রতিষ্ঠানৰ পৰা উত্তীর্ণ হৈ ২০১৫ চনত অ’ এন জি চিত যোগদান কৰিছিল৷ তিনি বছৰৰ পূর্বে পদুমনিৰ কাষৰীয়া নিতাই দিহিঙীয়া গাঁৱৰ পৰা শাশ্বতী গগৈৰ লগত বিবাহপাশত আবদ্ধ হোৱা মোহিনী মোহন গগৈয়ে যোৱা ১৪ এপ্রিলত ৰঙালী বিহু উপলক্ষে নিজ গৃহলৈ আহিছিল আৰু বুধবাৰে পুনৰ ঘৰলৈ অহাৰ কথা আছিল৷

কর্মসূত্রে মোহিনীয়ে পত্নীক লৈ শিৱসাগৰস্থিত অ’ এন জি চি কলনীত বাস কৰিছিল৷ মোহিনী মোহন গগৈৰ ষাঠি বছৰীয়া মাতৃ মিনু গগৈয়ে কান্দি কান্দি ভাগৰি পৰি সাংবাদিকৰ আগত কয় যে পুৱা বোৱাৰী শাশ্বতী গগৈয়ে টেলিফোনযোগে খবৰটো দিয়ে৷ পুত্র অপহৰণৰ খবৰটো শুনি মূৰত সৰগ ভাগি পৰা যেন অনুভৱ হৈছিল৷ একমাত্র পুত্রক দুর্বৃত্তই অপহৰণ কৰা খবৰ পোৱাৰ লগে লগে পিতৃ হেমন্ত গগৈ আৰু মাতৃ মিনু গগৈৰ লগতে পত্নী শাশ্বতী গগৈ শোকত ভাগি পৰিছে৷ পদুমনি সৰুআলি গাঁৱত মোহিনী মোহন গগৈক অস্ত্রধাৰী যুৱকে অপহৰণ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ তেওঁলোকৰ একমাত্র পুত্র মোহিনী মোহন গগৈক সোঁশৰীৰে মুকলি কৰি দিবলৈ পিতৃ–মাতৃয়ে সংবাদ মাধ্যমৰ যোগেদি অপহৰণকাৰীক কান্দি কান্দি কাতৰ আহ্বান জনায় যে মোৰ একমাত্র ল’ৰাক শীঘ্রে মুকলি কৰি দিয়ক৷ অ’ এন জি চি আৰু চৰকাৰৰে শীঘ্রে আলোচনা কৰি ল’ৰাকেইটাক মুকলি কৰি আনিবলৈ তেওঁ সংশ্লিষ্ট পক্ষৰ মুৰব্বীক আহ্বান জনায়৷ ইফালে, মোহিনী মোহন গগৈৰ সম্পর্কীয় ভগ্নী জাহ্ণৱী গগৈয়ে শোকত ভাগি পৰি সংবাদ মাধ্যমৰ আগত আলফা নতুবা এন এছ চি এন উগ্রপন্থী সংগঠনে যদি এই কাণ্ড কৰিছে তেনেহ’লে শীঘ্রে অসমীয়া বিষয়াসকলক মুকলি কৰি দিবলৈ আহ্বান জনায়৷ তেওঁ কয়– অসমীয়া বিষয়াক পণবন্দী কৰি আলফাই কেতিয়াও অসমৰ স্বার্থ সুৰক্ষিত কৰিব নোৱাৰিব৷ ঘটনাৰ খবৰ পাই পদমুনি সৰুআলি গাঁৱত উপস্থিত হৈছে খোৱাং থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া লীলাকান্ত চুতীয়াসহ এটা আৰক্ষীৰ দল৷ তেওঁলোকেও নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়াৰ লগতে শীর্ষ পর্যায়ৰ বিষয়া তেওঁলোকৰ ঘৰলৈ আহিব বুলি পৰিয়ালটোক অৱগত কৰে৷

‘সি সৰু ল’ৰা, তাক কিয় অপহৰণ কৰিলে, তাক এৰি দিয়কঃ অলকেশৰ মাতৃ

শিৱসাগৰ জিলাৰ লাকুৱাৰ পৰা সন্দেহজনক আলফাই অপহৰণ কৰি নিয়া অ’ এন জি চিৰ তিনিজন বিষয়াৰ ভিতৰত এজন যোৰহাটৰ ২৮ বছৰীয়া অলকেশ শইকীয়া৷ যোৰহাটৰ সর্বাইবন্ধা নিৱাসী অলকেশে ২০২০ চনৰ আগষ্ট মাজত অ’ এন জি চিত কনিষ্ঠ উৎপাদন অভিযন্তা হিচাপে যোগদান কৰিছিল৷ যোৱানিশা আলফাই পুত্রক অপহৰণ কৰাৰ খবৰ পুৱা ‘নিউজ লাইভ’ৰ বাতৰি চাইহে গম পায় বুলি ক’লে শোকত ভাগি পৰা অলকেশৰ মাতৃ লনী শইকীয়াই৷ হঠাৎ এই খবৰ পাই কিংকর্তব্যবিমূঢ় হৈ পৰে অলকেশৰ মাতৃ আৰু কনিষ্ঠ ভাতৃ৷ মাতৃয়ে অপহৰণকাৰীৰ প্রতি কাতৰ আহ্বান জনালে– ‘সি সৰু ল’ৰা, একো নাজানে৷ তাক অপহৰণ কৰি কি পাব৷ আমি টকা–পইচাৰ মানুহ নহয়৷ বহুত কষ্ট কৰি তিনিটা ল’ৰাক পঢ়ুৱালোঁ৷ হাতযোৰ কৰিছোঁ তেওঁলোকক এৰি দিয়ক৷’

প্রতি দুদিনৰ মূৰে মূৰে যোৰহাটৰ ঘৰলৈ ছিফ্ট ডিউটী কৰি অহা–যোৱা কৰা অলকেশ কালি ৰাতি ঘৰলৈ নহাত মাতৃয়ে বুধবাৰে পুৱা ফোন কৰে যদিও ম’বাইল অফ পায়৷ ইতিপূর্বে পিতৃক হেৰুওৱা অলকেশৰ তিনিজন ভাই–ককাই৷ জ্যেষ্ঠ ভাতৃ হূষীকেশ শইকীয়া কর্মসূত্রে থাকে অসমৰ বাহিৰত৷ তেওঁ এজন কেমিকেল ইঞ্জিনীয়াৰ৷ যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰ হিচাপে উত্তীর্ণ হৈ অলকেশে চাকৰিত যোগদান কৰিছিল৷ তেওঁৰ কনিষ্ঠ ভাতৃ অনুৰাগ শইকীয়া অভিযান্ত্রিকৰ ছাত্র৷

RELATED ARTICLES