peepl-small

কেন্দ্রীয় চৰকাৰে ব্লেণ্ডিং বন্ধ কৰাত বৃদ্ধি মিঠাতেলৰ দাম

PUBLISHED:

গুৱাহাটী: মিঠাতেলৰ আকাশলংঘী মূল্যবৃদ্ধি সন্দর্ভত এইবাৰ নতুন ব্যাখ্যা আগবঢ়াইছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ মন্ত্রী দাসৰ মন্তব্য– ‘ভাৰত চৰকাৰে ব্লেণ্ডিং বন্ধ কৰি দিয়াৰ পিছৰে পৰা বাঢ়িছে মিঠাতেলৰ দাম৷’

বুধবাৰে বৰপেটা জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পর্যালোচনা সভাত অংশগ্রহণৰ অন্তত সাংবাদিকে ক’ভিডকালীন সময়ত বয়বস্তুৰ দাম বৃদ্ধি প্রসংগত সোধা এক প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে আগতে চৰকাৰৰ অনুমতি সাপেক্ষে মিঠাতেল প্রস্তুত কৰাৰ সময়ত চয়া অইল বা অন্যান্য তৈলজাত সামগ্রী মিহলি কৰি দিয়া হৈছিল৷ কিন্তু জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে নৱেম্বৰ মাহত মিঠাতেলৰ ব্লেণ্ডিং বন্ধ কৰি দিছে৷ ইয়াৰ বাবে অকল অসমতে নহয় সমগ্র দেশতে মিঠাতেলৰ মূল্য বৃদ্ধি পাইছে৷ সৰিয়হৰ উৎপাদন বৃদ্ধি অথবা আমদানি–ৰপ্তানিৰ জৰিয়তে মিঠাতেলৰ দাম হ্রাস কৰিব পৰা যাব আৰু এই সন্দর্ভত কেন্দ্রীয় চৰকাৰে চিন্তা–চর্চা কৰি আছে বুলিও মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ আনহাতে ৰাইজৰ সহায়–সহযোগত অসাধু ব্যৱসায়ীসকলক নাকী লগাব পৰা যাব বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷

 বৰপেটা জিলাৰ অভিভাৱক মন্ত্রীগৰাকীয়ে থলুৱাভাৱে মুগা সূতা উৎপাদনৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ ৰেচম বিভাগৰ বিষয়াসকলক আহ্বান জনায়৷ বৈঠকত তেওঁ কয় যে আমাৰ ইয়াত মুগা পলু যথেষ্ট উৎপাদন হয় যদিও ইয়াত সূতা কাটি ব্যৱসায়িক ভিত্তিত কাপোৰ বোৱা নহয়৷ সেয়ে তেওঁ এই বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে৷ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰো দায়িত্বত থকা মন্ত্রীগৰাকীয়ে চৰকাৰে হাতত লোৱা গোৱর্ধন আঁচনিৰ অধীনত গো–পালকসকলক গোবৰ গেছ উৎপাদনেৰে লাভান্বিত হোৱাৰ পথ দেখুৱাবলৈ আহ্বান জনায়৷ তেওঁ কয় যে বৰপেটা জিলা গো–পালনৰ ক্ষেত্রত যথেষ্ট অগ্রণী৷ সেয়ে তেওঁলোকে এই আঁচনিৰ সুফল পোৱা উচিত৷

বন, পৰিবহণ আদি বিভাগৰ বিষয়াসকলক জৰিমনা, ৰাজহ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়৷ মন্ত্রীগৰাকীয়ে সকলো ধৰণৰ অনৈতিক বা বেআইনী সৰবৰাহ বন্ধ কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলক বজাৰত নিৰীক্ষণ ব্যৱস্থা অধিক কটকটীয়া কৰি অত্যাৱশ্যকীয় সামগ্রীৰ দামৰ ওপৰত নজৰ ৰাখিবলৈ নির্দেশ দিয়ে৷ এই বৈঠকতে আজি তেওঁ আন আন প্রায় প্রতিটো বিভাগৰে উন্নয়নমূলক কাম–কাজৰ পর্যালোচনা কৰে৷

দীঘলীয়া পর্যালোচনা বৈঠকখনত অংশগ্রহণ কৰি তেওঁ প্রথমে জিলাখনৰ ক’ৰোনা মহামাৰীজনিত পৰিস্থিতিৰ বুজ লয়৷ তাৰ পিছতে আগন্তুক সম্ভাব্য বানপানীৰ মুখামুখি হ’বলৈ প্রশাসনৰ তৰফৰ পৰা গ্রহণ কৰা ব্যৱস্থাৰ বিষয়েও আলোচনা কৰে৷ সভাত উপায়ুক্ত তেজপ্রসাদ ভূষাল, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়া, অতিৰিক্ত উপায়ুক্ত দিলীপ কুমাৰ বোথ্রা, নৱজিৎ পাঠক, লাচিত দাস, লখিমী দত্ত, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অধীক্ষক ডাঃ দিগন্ত দাস, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীর্থনাথ শর্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মা প্রমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু চক্র বিষয়াসকল উপস্থিত থাকে৷

RELATED ARTICLES