গুৱাহাটীঃ চিৰাঙৰ বিজনীত আৰক্ষীৰ গুলীচালনাত মৃত্যু গৃহৰক্ষী জোৱানৰ হত্যাকাণ্ডৰ মূল অভিযুক্তৰ।
মঙলবাৰে ইয়াদ আলী নামৰ গৃহৰক্ষী জোৱানজনক হত্যা কৰিছিল আব্দুল খালেকে।
পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খালেকক। কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ খোজা অভিযুক্তজনক গুলীচালনা কৰে আৰক্ষীয়ে। গুলীবিদ্ধ হোৱা আব্দুল খালেকৰ মৃত্যু হয়।
আনহাতে, গৃহৰক্ষী জোৱানজনৰ হত্যাত অভিযুক্ত ছফিউৰ ৰহমান আৰু আয়ুব আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
PUBLISHED: