peepl-small

সৰভোগত শোকাৱহ ঘটনাঃ ৰে’লৰ খুন্দাত মাতৃ-কন্যাৰ মৃত্যু

PUBLISHED:

গুৱাহাটীঃ বৰপেটাৰ সৰভোগত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ সৰভোগ ৰে’ল ষ্টেচনৰ ৰামপুৰ ৰে’ল গেটৰ সমীপত ৰে’লৰ খুন্দাত মৃত্যু ঘটিছে এহাল মাতৃ-কন্যাৰ ৷ কথমপি প্ৰাণৰক্ষা পৰে এটা ৬ মহীয়া শিশুৰ ৷

ৰে’লৰ খুন্দাত মৃত্যু হোৱা মাতৃ-কন্যা দুগৰাকীক সৰভোগৰ নুনতোলা গাঁৱৰ কবিতা নাথ (২৮) আৰু হিমাশ্ৰী নাথ (৮ ) বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে ভাৰ্গৱ নাথ নামৰ ছমহীয়া শিশু এটি দৈৱক্ৰমে ৰক্ষা পৰে ৷ ইপিনে নিহত মহিলাগৰাকীৰ স্বামী ৰাজু ওৰফে ৰাজা নাথৰ এতিয়ালৈকে সন্ধান পোৱা নাই৷

RELATED ARTICLES