peepl-small

বুঢ়াগাঁৱৰ ধৰ্ষণ-হত্যাকাণ্ডঃ কণমানি শিশুৰ মৃতদেহত পাঠাৰ ‘DNA’

PUBLISHED:

গুৱাহাটীঃ মৰিগাঁৱৰ ভূৰাগাঁৱৰ নবছৰীয়া কণমানিৰ নাৰকীয় হত্যা আৰু ধৰ্ষণকাণ্ডৰ তদন্তত আৰক্ষীয়ে তাৎপৰ্যপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ফৰেনছিক পৰীক্ষাই নিশ্চিত কৰিছে জঘন্য ঘটনাটোত বৃদ্ধ পাঠা জড়িত থকাৰ প্ৰমাণ।

বৃহস্পতিবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই প্ৰকাশ কৰা অনুসৰি কণমানিটিৰ মৃতদেহত পোৱা গৈছে ছৈয়দ আলী ওৰফে পাঠাৰ ডিএনএ। কন্যা শিশুটিৰ তেজৰ নমুনা ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। পৰীক্ষাত তেজৰ নমুনাত পাঠাৰ ডিএনএৰ উপস্থিতি ধৰা পৰে।

জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডটোত পাঠা জড়িত থকাৰ উপযুক্ত প্ৰমাণ লাভ কৰা আৰক্ষীয়ে পানী নসৰকা অভিযোগনামা দাখিল কৰিব বুলি মহন্তই প্ৰকাশ কৰে।

RELATED ARTICLES