peepl-small

বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত বদলি–নিযুক্তিৰ বজাৰ; অৱসৰৰ পূর্বে অতিৰিক্ত পিচিএফৰ লুণ্ঠনৰ জাল

PUBLISHED:

গুৱাহাটী:  বন বিভাগৰ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এ এম সিঙৰ অৱসৰ গ্রহণলৈ মাত্র কেইটামান দিন বাকী আছে৷ কিন্তু এইগৰাকী বিষয়াই অৱসৰৰ পূর্বে বিভাগটোত বদলি–নিযুক্তিৰ এখন বৃহৎ বজাৰ বহুওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি বিভাগটোৰ শেহতীয়া প্রতিটো বদলিৰ আঁৰত সংঘটিত হৈছে বৃহৎ ধনৰ লেনদেন৷ আচলতে নির্বাচনৰ পূর্বেই বন বিভাগত ধনৰ বিনিময়ত লাভজনক স্থানলৈ বিষয়া বদলিৰ এটা কুচকাৱাজ আৰম্ভ হৈছিল৷ কিন্তু সেই সময়তে ৰাজ্যত নির্বাচনী আচৰণবিধি বলৱৎ হোৱাত সমগ্র প্রক্রিয়াটোত স্থগিতাদেশ আহি পৰে৷ ইয়াৰ পাছত বিভাগটোৰ ভিতৰচ’ৰাত একেটা চক্র পুনৰ সক্রিয় হৈ উঠিছে৷

সেইমর্মে ১৩গৰাকী এ চি এফক বদলিৰ নির্দেশনা জাৰি কৰা হৈছে৷ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এ এম সিঙৰ পছন্দ অনুসৰি এই তালিকা প্রস্তুত কৰা বুলি জানিব পৰা গৈছে৷ বদলিৰ নতুন নির্দেশনা অনুসৰি কৰিমগঞ্জ ডিভিজনৰ এ চি এফ সৌমিত্র দাসক কাছাৰ ডিভিজনলৈ, পূব কার্বি আংলং ডিভিজনৰ এ চি এফ বিক্রম সিং ৰংপিক গোৱালপাৰা ডিভিজনলৈ, এল হামাৰক পশ্চিম কার্বি আংলং ডিভিজনলৈ, অসম ৰাজ্যিক চিৰিয়াখানাৰ এ চি এফ প্রিয়াসা শইকীয়াক দক্ষিণ নগাঁও ডিভিজনলৈ, ছায়াম্রিতা দত্তক শিৱসাগৰ ডিভিজনলৈ, গোৱালপাৰা ডিভিজনৰ এ চি এফ নয়নজ্যোতি ৰাজবংশীক পূব অসম ৱাইল্ড লাইফ ডিভিজনলৈ, ডিগবৈ ডিভিজনৰ এ চি এফ জননাৰঞ্জন দাসক গোৱালপাৰা ডিভিজনলৈ, ডিগবৈ ডিভিজনৰ এ চি এফ মৃগাংক বৰাক অসম ৰাজ্যিক চিৰিয়াখানালৈ, গোলাঘাট ডিভিজনৰ এ চি এফ পি চি লহকৰক শিৱসাগৰ ডিভিজনলৈ, হল্টুগাঁও ডিভিজনৰ এ চি এফ প্রমথেশ দেৱৰয়ক ডিব্রুগড় ডিভিজনলৈ, পশ্চিম অসম ৱাইল্ড লাইফ ডিভিজনৰ এ চি এফ খনীন্দ্র কলিতাক ডিগবৈ ডিভিজনলৈ আৰু পূব অসম ৱাইল্ড লাইফ ডিভিজনৰ এ চি এফ ঋতুপৱন বৰাক গোলাঘাট ডিভিজনলৈ বদলি কৰা হৈছে৷

এই বদলিৰ আঁৰত নির্বাচনৰ পূর্বেই বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ স্পষ্ট অভিযোগ বিভাগৰ ভিতৰচ’ৰাৰ পৰাই উত্থাপন হৈছে৷ এইক্ষেত্রত সকলোৱে একেলগে আঙুলি টোঁৱাইছে অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এ এম সিঙলৈ৷ কিয়নো এইগৰাকী উচ্চপদস্থ বন বিষয়াৰ বিৰুদ্ধে ইয়াৰ পূর্বে আন কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ কম্পৰেনছেন’টৰী এফ’ৰেষ্ট মেনেজমেণ্ট এণ্ড প্লেনিং অথ’ৰিটী চমুকৈ কেমপাৰ দায়িত্বত থকা সময়তো একেগৰাকী বিষয়াই বিয়াগোম বিত্তীয় অনিয়মৰ আশ্রয় লোৱাৰ বাতৰি সেই সময়ত সবিস্তাৰে প্রকাশ পাইছিল৷ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে কেম্পা ডিভিজন সংযোজিত হৈছিল বন আৰু পৰিৱেশ বিভাগৰ লগত৷

ইয়াৰ মূল উদ্দেশ্যই আছিল বৃহৎ প্রকল্প, ৰাষ্ট্রীয় ঘাইপথ, কয়লা আদি খননৰ ফলত দ্রুতভাৱে হ্রাস পোৱা বনাঞ্চলৰ পুনৰ নির্মাণ৷ ন্যায়ালয়ৰ কঠোৰ নির্দেশৰ বাবেই কেম্পাৰ নামত প্রতিবছৰে বৃহৎ পুঁজিৰো আবণ্টন দিয়া হৈছিল৷ কেম্পাৰ দায়িত্বত থকা সময়ত এ এম সিঙৰ নাম সাঙোৰ খাইছিল স্বজন–তোষণ, কমিছনৰ বিনিময়ত ঠিকা আদায় দিয়া আদি অনেক কু–কীর্তিৰ সৈতে৷ কেম্পাৰ নামত আচলতে কিমান ধন ব্যয় কৰা হ’ল, তাৰ তুলনাত নূ্যনতম বনাঞ্চলো গঢ়ি নুঠিল৷ অথচ বনাঞ্চল পুনৰ নির্মাণৰ নামত সংঘটিত দুর্নীতিৰ বাতৰিয়ে সঘনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থাকিল৷ ধাৰাবাহিক অভিযোগ উত্থাপন হৈ থকাৰ পাছতো কিন্তু ধৃতৰাষ্ট্রৰ ভূমিকা গ্রহণ কৰিলে তেতিয়াৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ এইবাৰো তেওঁ একেটা বিভাগৰ দায়িত্বতে আছে৷ শুক্লবৈদ্যৰ আমোলতে আকৌ এবাৰ বদলি নিযুক্তিৰ বজাৰ বহুওৱাৰ অভিযোগ উঠিছে একেগৰাকী বিষয়াৰ বিৰুদ্ধে৷ এনে পৰিস্থিতিত পৰিমল শুক্লবৈদ্যৰ নির্লিপ্ততা ৰহস্যজনক বিবেচিত হৈছে৷

RELATED ARTICLES