peepl-small

বিজেপিৰ টীম ইণ্ডিয়াৰ কেপ্টেইন নৰেন্দ্র মোদী, অসমত কেপ্টেইন ড০ হিমন্ত বিশ্ব

PUBLISHED:

কেবিনেট মন্ত্রী ৰূপে অসমত ভৰি দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্রসংগত পঞ্চমুখ হৈ পৰিল সর্বানন্দ সোণোৱাল৷ অসমত মুখ্যমন্ত্রী হিচাপে ১০০ দিনীয়া কার্যকালত কৰা উন্নয়ন তথা অপৰাধ ৰোধত ড০ শর্মা সফল হোৱা বুলি মন্তব্য কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য– ড্রাগ্ছৰ বিৰুদ্ধে যি নিৰন্তৰ অভিযান চলাইছে, তাৰ দ্বাৰা এই চৰকাৰখনে মানৱতাৰ ধর্ম পালন কৰিছে৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত এখন সংবাদ মেলত সোণোৱালে কয় যে উত্তৰ–পূব উন্নয়নৰ ক্ষেত্রত কংগ্রেছে তেওঁলোকৰ দীর্ঘদিনীয়া শাসনকালত যদি পদক্ষেপ গ্রহণ কৰিলেহেঁতেন, অসম তথা আটাইকেইখন চুবুৰীয়া ৰাজ্য যথেষ্ট আগুৱাই গ’লহেঁতেন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ৭টা বছৰত যিধৰণে উত্তৰ–পূবৰ যোগাযোগ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, প্রশাসন সকলো ক্ষেত্রতে উন্নয়ন সাধিলে, তাৰ বাবে সকলো শ্রেণীৰ ৰাইজে পৰিৱর্তন দেখিবলৈ পাইছে৷

মোদীৰ শাসনকালত অসমৰ মানুহে সপোন ৰচিবলৈ সক্ষম হৈছে৷ এই কথাবোৰ সম্ভৱ হৈছে প্রধানমন্ত্রীয়ে উত্তৰ–পূবৰ ওপৰত দিয়া বিশেষ গুৰুত্বৰ বাবে৷ কিন্তু কংগ্রেছৰ কার্যকালত উত্তৰ–পূবত চলিল দুর্নীতি আৰু অপশাসন৷ মাহীআইৰ দৃষ্টিৰে উত্তৰ–পূবক বহু পিছুৱাই ৰাখিলে৷ ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রত চৰকাৰ গঠনৰ পাছতেই মানুহে পৰিৱর্তনৰ দিশসমূহ বুজিব পৰা নাছিল৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে সবকা সাথ সবকা বিকাশ নীতিৰ জৰিয়তে যিধৰণে সকলোৰে কল্যাণ কৰিলে, তাৰ বাবে উঠি অহা প্রজন্ম উৎসাহিত হৈছে৷ কংগ্রেছে কেৱল বিভাজনৰ নীতি চলাই আহিছিল৷ ৰাজ্যসমূহৰ মাজত আন্তৰিকতা নোহোৱা কৰি তুলিছিল৷ কিন্তু মোদীয়ে এক ভাৰত শ্রেষ্ঠ ভাৰত নীতিৰে সকলোকে গঢ় দিলে৷

ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ১০০ দিন সম্পূর্ণ কৰাৰ বাবে শুভেচ্ছা জনাই সোণোৱালে কয়– যোৱা ১০০টা দিনত এই চৰকাৰখনে যি উল্লেখযোগ্য সিদ্ধান্ত গ্রহণ কৰিলে, তাৰ দ্বাৰা সাধাৰণ ৰাইজৰ মাজত আশা সজীৱ কৰি তুলিব পাৰিছে৷ নাগৰিকক কর্ম উপযোগী কৰি তোলাত সক্ষম হৈছে এই চৰকাৰখন৷ মুখ্যমন্ত্রী হিচাপে ড০ শর্মাই দিনে–নিশাই কাম কৰিছে৷ বিজেপিৰ টীম ইণ্ডিয়াৰ  কেপ্টেইন হ’ল নৰেন্দ্র মোদী আৰু অসমৰ কেপ্টেইন হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ উপ–নির্বাচনৰ প্রসংগত  সোণোৱালৰ মন্তব্য আছিল– বিজেপিয়ে উপ–নির্বাচনত আটাইকেইখন আসন দখল কৰিব৷ মাজুলীৰ প্রসংগত সোণোৱালে কয়– মাজুলীৰ ৰাইজক মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ দুবাৰকৈ মোক মাজুলীবাসীয়ে নির্বাচিত কৰিছে৷ মই মোৰ দায়িত্ব পালন কৰি যাম৷ আনহাতে শেহতীয়াকৈ কেইবাজনো কংগ্রেছী বিধায়কে বিজেপিত যোগদানৰ প্রসংগত তেওঁ কয়– কংগ্রেছ এতিয়া হতাশাগ্রস্ত হৈছে৷ কোনোৱে কংগ্রেছত থাকিব বিচৰা নাই৷ কেন্দ্রীয় চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিৰে উত্তৰ–পূবৰ প্রতিটো পিছপৰা সম্প্রদায়ক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ বাবে কংগ্রেছে ভয় খাইছে৷ কিয়নো প্রতিটো জাতি–জনগোষ্ঠীক ন্যায় প্রদান কৰা দিশটো কংগ্রেছে উপলব্ধি কৰিব নোৱাৰে৷ কংগ্রেছৰ গৰিবী হতাও শ্লোগান কার্যক্ষেত্রত কোনেও নেদেখিলে৷ সেয়েহে আজি কংগ্রেছৰ পৰা আঁতৰি যাবলৈ লৈছে সকলো৷

RELATED ARTICLES