peepl-small

PPE KIT পিন্ধি ক’ভিড চেন্টাৰত বিধায়ক সুশান্ত বৰগোহাঁই

PUBLISHED:

গুৱাহাটীঃ পিপিই কিট পৰিধান কৰি ক’ভিড কেয়াৰ চেণ্টাৰৰ অৱস্থাৰ বুজ ল’লে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে।

ডিমৌৰ বৰুৱা চাংমাইস্থিত কেন্দ্ৰটো পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থা আৰু ৰোগীৰ স্বাস্থ্যৰ বুজ লয় বিধায়কগৰাকীয়ে।

কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ পূৰ্বে বৰগোহাঁয়ে কয় — “আমি ক’ভিডৰ লগত সাহসেৰে মোকাবিলা কৰিব লাগিব।”

ডিমৌৰ ক’ভি়ড কেয়াৰ চেণ্টাৰটোৱে যথেষ্ট ভাল কাম কৰি আছে বুলি মত প্ৰকাশ কৰি এই চেণ্টাৰটোৰ জৰিয়তে থাওৰা সমষ্টিৰ সকলো ক’ভিড ৰোগীয়ে সকাহ পাইছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

সেয়ে চিকিৎসক, নাৰ্ছ তথা চিকিৎসা কৰ্মীসকলৰ লগতে ৰোগীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এনেদৰে ক’ভিড কেন্দ্ৰটো পৰিদৰ্শন কৰা বুলি প্ৰকাশ কৰে সুশান্ত বৰগোহাঁয়ে।

RELATED ARTICLES