peepl-small

প্রতিশ্রুতি মতে ধন নিদিয়াৰ বাবেই সমর্থকে ভাঙিলে গাড়ী, কোনোমতে প্রাণৰক্ষা শুকুৰ আলীৰ

PUBLISHED:

গুৱাহাটীঃ মনোনয়ন–পত্র দাখিল কৰিবলৈ ৰেলী উলিয়াই বৰপেটা জিলা উপায়ুক্তৰ কার্যালয় অভিমুখে যাত্ৰা  কৰাৰ সময়তে সমর্থকৰ ৰোষত পৰিল চেঙা সমষ্টিৰ কংগ্রেছ প্রার্থী, বর্তমানৰ বিধায়ক তথা প্রাক্তন মন্ত্রী শুকুৰ আলী আহমেদ৷

উত্তেজিত সমর্থকৰ পৰা কোনোমতে প্রাণৰক্ষা পৰা কংগ্রেছ প্রার্থীজনে উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বৃহস্পতিবাৰে মনোনয়ন–পত্র দাখিল কৰাতো ব্যর্থ হয়৷ উল্লেখ্য যে চেঙা সমষ্টিৰ পৰা এইবাৰো কংগ্রেছ দলৰ পৰা প্রার্থিত্ব লাভ কৰা আহমেদে বৃহস্পতিবাৰে বৰপেটাৰ উপায়ুক্তৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল পর্বত শক্তি প্রদর্শন কৰিবলৈ দৌলাশালৰ পৰা ভেল্লা হৈ বহৰিলৈ এক বাইক ৰেলী উলিয়ায়৷

চাৰিটা কার্যকাল অর্থাৎ বিগত বিশ বছৰে নিজৰ দখলত থকা সমষ্টিটোৰ বিশেষ উন্নয়ন কৰিব নোৱাৰা বিধায়ক আহমেদে মনোনয়ন–পত্র দাখিলৰ সময়ত ধনৰ বিনিময়ত চমক সৃষ্টি কৰাৰ চেষ্টা কৰে৷ বাইক ৰেলীত অংশগ্রহণ কৰাসকলক চাহ–ভাত খুওৱাৰ উপৰি বাহনত তেল ভৰাই দিয়াৰ বিনিময়ত পাঁচশ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিছিল বিধায়কজনৰ অনুগতসকলে৷

ইয়াৰ বিনিময়ত সমষ্টিটোৰ চুকে–কোণে বাইক ৰেলী আৰম্ভ হয়৷ কিন্তু প্রতিশ্রুতি অনুসৰি ধন দিয়াৰ পৰিৱর্তে একাংশক মাত্র এশ টকা আৰু বহুতকে এটকাও নিদিলে৷ সমষ্টিটোৰ অন্তর্গত শিলাগাঁও বাইক ৰেলীটো অতিক্রম কৰাৰ পাছতে জনতা বজাৰৰ সমীপত সমর্থকসকলে বিধায়ক আহমেদক টকা বিচাৰে৷ কিন্তু বিধায়ক আহমেদৰ অনুগত কেইজনমানে ৰেলীত অহা লোকক টকা দিবলৈ অমান্তি হোৱাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷

ৰেলীত আহি টকা নোপোৱা সমর্থকসকলে বিধায়ক আহমেদৰ বাহন ঘেৰাও কৰি লাঠীৰে ভাঙি–ছিঙি চূৰমাৰ কৰে৷ তাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হয়৷ দুটা পক্ষৰ মাজত প্রচণ্ড মাৰপিট লাগে৷ এনে পৰিস্থিতিৰ মাজতে চাৰিটা কার্যকালৰ কংগ্রেছ বিধায়কজনে দেহৰক্ষীসকলৰ সহায়ত আক্রমণকাৰীসকলৰ কবলৰ পৰা কোনোমতে পলাই সাৰি ওচৰৰে এঘৰত আশ্রয় লয়৷ উত্তেজিত সমর্থকৰ আক্রমণত সামান্যভাৱে বিধায়ক আহমেদো প্রহৃত হয় বুলি জানিব পৰা গৈছে৷

এই লংকাকাণ্ডত বিধায়ক আহমেদৰ গাডীচালকজন আহত হয়৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিধায়ক আহমেদক নিৰাপদে উদ্ধাৰ কৰে৷ কিন্তু উত্তেজিত লোকসকলে বিধায়ক আহমেদে উঠি অহা জীপচী বাহনখন ভাঙি–ছিঙি চূৰমাৰ কৰে৷ ইতিমধ্যে ঘটনাস্থলীত ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে৷ সমষ্টিটোৰ বহৰিৰ ছান ভিউ খেলপথাৰত নির্মাণ কৰা এখন মঞ্চও জ্বলাই দিয়ে ক্ষুব্ধ সমর্থকে৷ বহৰিৰ ছান ভিউ খেলপথাৰত সমৱেত কংগ্রেছ কর্মী–সমর্থকক সম্বোধন কৰাৰ কথা আছিল বিধায়ক আহমেদে৷

RELATED ARTICLES