peepl-small

মাজনিশা ক্ৰিকেট খেলিলে আঙুৰলতা ডেকাই, মাৰিলে ‘ফ’ৰ’

PUBLISHED:

গুৱাহাটীঃ নিৰ্বাচনী ব্যস্ততাৰ মাজতs মাজনিশা ক্ৰিকেট খেলিলে বিধায়িকা আঙুৰলতা ডেকাই। বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই উদ্বোধন কৰা ক্ৰিকেট খেল এখনত ভাগ ল’লে বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই।

কদমনি আঞ্চলিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা নৈশ্ ক্ৰিকেট খেলখন শিৱামণি বৰাই উদ্বোধন কৰা বুলি গম পায়েই মাজনিশা খেলপথাৰলৈ ঢপলিয়াই আহিল আঙুৰলতা ডেকা।

নিশা ১২.৩০ বজামানত কেইবা হাজাৰ দৰ্শকৰ উপস্থিতিত অভিনেতা নয়ন নিৰ্বানৰ বলত ‘ফ’ৰ’ কোবায় বিধায়িকাগৰাকীয়ে।

ইপিনে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰি আঙুৰলতা ডেকাই কয়-“আঙুৰলতা হয়েই ইমান পাৱাৰফুল, সেইকাৰণেই ইয়াতে আছোঁ।”

RELATED ARTICLES