peepl-small

পুনৰ মিত্রজোঁটৰ চৰকাৰ নিশ্চিতঃ ৰঞ্জিত দাস

PUBLISHED:

গুৱাহাটী: অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰা এইবাৰ নিজৰ সমষ্টিত পৰাজিত হ’ব৷ আনহাতে, কৃষক নেতা অখিল গগৈয়েও শিৱসাগৰত নিশ্চিতভাৱে হাৰিব৷ তাৰ পৰিৱর্তে দুই সমষ্টিতে জয়ী হ’ব মিত্রজোঁটৰ প্রার্থী৷ ৰাজ্যত পৰৱর্তী চৰকাৰ কাৰ হ’ব সেয়া নির্ণয় হ’বলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত  ৰিপুণ বৰা আৰু অখিল গগৈৰ লগতে নির্বাচনী ফলাফল সন্দর্ভত এনেদৰে মন্তব্য আগবঢ়ায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷

উল্লেখ্য যে বিভিন্ন সংস্থাই আজি এগ্জিট প’ল প্রকাশ কৰাৰ ক্ষণতে বিজেপিৰ ৰাজ্যিক সভাপতি দাসে পাঠশালাত সংবাদ মাধ্যমৰ আগত কয় যে আজি দিনৰ ঠিক ১১ বজাত বিজেপিৰ ৰাজ্যিক কার্যালয়ত সংবাদ মেলযোগে নির্বাচনৰ সম্ভাব্য ফলাফলৰ ওপৰত প্রস্তুত কৰা সমীক্ষা ৰাইজলৈ আগবঢ়োৱা হ’ব৷ বিশেষকৈ বিজেপিৰ পৃষ্ঠাপ্রমুখসকলৰ প্রতিবেদন আৰু বিজেপিৰ নিজা অনুসন্ধানৰ ভিত্তিত এনে আনুমানিক ফলাফল প্রকাশ কৰা হ’ব৷ অসমবাসী ৰাইজে এই আনুমানিক ফলাফল বিভিন্ন নিউজ চেনেল তথা ৰাজ্যিক বিজেপিৰ ফেচবুক পেজৰ যোগে পোনপটীয়া সম্প্রচাৰণ উপভোগ কৰিব পাৰিব৷

বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি দাসে পাঠশালাৰ ডুবিস্থিত শ্রীশ্রীপৰিহৰেশ্বৰ দেৱালয়ত উপস্থিত হৈ সেৱা লয়৷ আনহাতে, মিছন ১০০+ৰ কথা সন্দর্ভত তেওঁ পুনৰ কয় যে বিজেপিয়ে ১০০+ৰ বাবে সাজু হৈছিল৷ সেয়েহে ভালদৰে সাজু হোৱা বাবে ২ মে’ৰ পৰীক্ষাৰ ফলাফলত বিজেপিয়ে লেটাৰ মার্কছ অথবা ডিষ্টিংচন পাব৷ এইবাৰ ৰাজ্যত পুনৰ নিশ্চিতভাৱে মিত্রজোঁটৰ চৰকাৰ হ’ব বুলিও অতি আত্মবিশ্বাসেৰে ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে৷ আনহাতে বৰাক উপত্যকাৰ ফলাফল তেওঁলোকে ভবাতকৈ কিছু বেলেগ হ’ব বুলি তেওঁ এক তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ পাটাছাৰকুছি সমষ্টি সন্দর্ভত দাসে কয় যে পাটাছাৰকুছিত এইবাৰ বিজেপি মিত্রজোঁটৰ প্রার্থী ৰঞ্জিত কুমাৰ দাসে নির্বাচন খেলা নাই৷ সমষ্টিত নির্বাচন খেলিছে সমষ্টিবাসী ৰাইজেহে৷ গতিকে পাটাছাৰকুছিত ৰাইজৰ জয় হ’বই আৰু তাত কাৰো দ্বিমত নাই৷
হোজাইৰ আজমল হাউছত ইফতাৰৰ অচিলাৰে মহাজোঁটৰ গোপন বৈঠত
ৰমজানৰ ইফতাৰৰ অচিলাৰে আজি সন্ধিয়া হোজাইৰ গোপালনগৰস্থিত আজমল হাউছত অনুষ্ঠিত হয় মহাজোঁটৰ এক গোপন বৈঠক৷ বৈঠকত উপস্থিত থাকে অসম প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুচেইন, ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা৷ আজমল হাউছত মৌলানা বদৰুদ্দিন আজমলৰ লগতে তেওঁৰ ভাতৃ তথা যমুনামুখ সমষ্টিৰ প্রার্থী চিৰাজুদ্দিন আজমলসহ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামো উপস্থিত আছিল৷ বৈঠকৰ অন্তত জিতেন্দ্র সিঙে সাংবাদিকৰ আগত আজমলৰ নিমন্ত্রণ ৰক্ষা কৰি ইফতাৰৰ কাৰণে একগোট হোৱা বুলিহে ব্যক্ত কৰে৷ তেওঁ দাবী কৰা মতে, অসমত মহাজেজাটে চৰকাৰ কৰাটো নিশ্চিত৷

ইফালে এ আই ইউ ডি এফ নেতা আমিনুল ইছলামৰ দাবী– এ আই ইউ ডি এফে নিজাববীয়াকৈ ১৮খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৬৮ৰ পৰা ৭২খন আসন লাভ কৰিব৷ মহাজোঁটৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰি ইছলামে কয় যে আজমল মুখ্যমন্ত্রীৰ দাবীদাৰ নহয়৷ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে মুখ্যমন্ত্রী কোন হ’ব বুলি সাংবাদিকে কৰা প্রশ্ণৰ কোনেও সদুত্তৰ নিদিলে৷ উল্লেখ্য যে এক বিশেষ সূত্রৰ মতে চৰকাৰ গঠন সম্পর্কে আলোচনা কৰিবলৈহে আজমল হাউছত মিলিত হৈছিল মহাজোঁটৰ নেতৃত্বই৷ আজমলে মহাজেজাটৰ ওচৰত কেতবোৰ চর্ত আৰোপ কৰিছে৷ সেই চর্তসমূহৰ বিষয়ে আলোচনাৰ বাবেই আজিৰ বৈঠকখন অনুষ্ঠিত হৈছিল৷

RELATED ARTICLES