peepl-small

কার্বি আংলঙৰ হাতীডুবিত নিৰুদ্দিষ্ট জোৱানৰ ৰাইফল–গুলী উদ্ধাৰ

PUBLISHED:

গুৱাহাটীঃ  বৈঠালাংছ’ৰ নিকটৱর্তী আমড্রেং অঞ্চলৰ হাতীডুবিত অৱস্থিত কার্বি লাংপি জলবিদ্যুৎ প্রকল্পত কর্মৰত আৰক্ষী জোৱান ঋতু বৰাৰ সম্ভেদ আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই হামৰেন আৰক্ষীয়ে৷ ঋতু বৰাৰ নিৰুদ্দেশ হোৱা আজি তিনি দিনৰ অন্তত ৰহস্যজনকভাৱে উদ্ধাৰ হয় তেওঁৰ ১৯ জাঁই গুলীভর্তি মেগজিনৰ সৈতে ইনচার্চ ৰাইফলটো৷

ৰাইফলটো হাতীডুবিত থকা বেটেলিয়ন কেম্পৰ পৰা প্রায় ২০০ মিটাৰ আঁতৰত পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়৷ ৰাইফলটোত থকা ২০ জাঁই সক্রিয় গুলীৰ ভিতৰত ১৯ জাঁইহে গুলী লাভ কৰিছে আৰক্ষীয়ে৷ দুই ঘণ্টাৰ অন্তত ৰাইফল উদ্ধাৰৰ ঠাইৰ পৰা ২০ মিটাৰ নিলগত পকী পথৰ ওপৰত অতি ৰহস্যজনকভাৱে এক জাঁই গুলী উদ্ধাৰ কৰে৷ আজি ঘটনাস্থলীত হামৰেন আৰক্ষী অধীক্ষক অজংৰান বসুমতাৰী,16 AP(IR)BN কমাণ্ডেত অর্ণৱ ডেকা, পশ্চিম কার্বি আংলং জিলা উপায়ুক্ত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আৰক্ষীৰ অভিযান অধিক খৰতকীয়া কৰিবলৈ নির্দেশ দিয়ে৷

RELATED ARTICLES